যি হ'ল ভালেই হ'ল দিয়া-কবিতা ~কাজল দাস

©Admin
0
ভাবিছিলো যাক 
ভাল পাম বুলি 
লাহেকৈ গ'ম পালো 
তাইক হেনো আন 
কোনোবাই ভাল পায় । 

যি হ'ল ভালেই হ'ল দিয়া 
কোনে জানে কাৰ জীৱনত 
কি আছে লিখা ? 

কিজানি তাইতকৈও 
ভাল এজনী পাওঁ । 

হয়তো মোৰ দৰে কোমল হৃদয়ৰ ধুমুহা এটাকো সাহসেৰে বুকুত সাৱটি ল'বলৈ কোনোবা ৰৈ আছে আশাৰে...

যি হ'ল ভালেই হ'ল দিয়া 
কিজানি তাইতকৈও
ধুনীয়া এজনী পাওঁ ।

কোনে জানে কাৰ জীৱনত 
কি আছে লিখা ?
কোনেওতো নাজানে 
জন্ম -মৃত্যু - বিবাহৰ কথা । 

🖋️কাজল দাস  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)