মই নাৰী-প্ৰিয়ংকা গায়ন

আছিলো ৰাণী মই
দেউতাৰ মন ৰাজকাৰেং ৰ,
ৰাজকুমাৰী মই
মা ৰ হৃদয় ৰাজপ্ৰসাদৰ।

উৰি আছিলো মই
স্বপ্নবিভোৰ মন আকাশত,
ডুবি আছিলো মই
 মন্ত্ৰমুগ্ধ কল্পনাৰ সাগৰত।

আজি মই দাসী
মোৰ হৃদয়ৰ ৰাজকুমাৰৰ,
আজি মই বান্দী
মোৰ মনৰ সপোনকোঁৱৰৰ।

উৰিব নোৱাৰো আজি
স্বপ্নবিভোৰ মন আকাশত,
ডুবিব নিদিয়ে আজি
মনৰ কল্পনাৰ সাগৰত।

মই যে নাৰী।

🖋️প্ৰিয়ংকা গায়ন
    শিৱসাগৰ


Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send