বিনামূলীয়া শিক্ষা ব্যৱস্থা আৰু আমাৰ ভৱিষ্যত ০৮~প্ৰবন্ধ-হেমেন হাজৰিকা

©Admin
0
     ২০০৮ চনত বিশ্বজোৰা পুঁজিবাদৰ সংকট আৰু ২০০৯ চনত ভাৰত চৰকাৰৰ দ্বাৰা শিক্ষাৰ অধিকাৰ আইন অনুমোদন | কি অপূৰ্ব কাৰ্য-কাৰণ পৰিঘটনা | শিক্ষাৰ অধিকাৰৰ সন্মোহিনী শ্ল'গান দি ভাৰতত শিক্ষাৰ ব্যৱসায় কৰিবলৈ UPA আৰু NDA চৰকাৰে পশ্চিমীয়া সাম্ৰাজ্যবাদী ৰাষ্ট্ৰৰ ডাঙৰ ডাঙৰ বহুজাতিক কোম্পানীক ৰঙা দলিচা পাৰি দিলে | আজি ভাৰতবৰ্ষৰ সমগ্ৰ শিক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰি আছে | ACK Media, Colony Education C/o Put Ltd, Welcome Solutions Ltd, Greycells Education Ltd, Manual K-2 Education India, NIIT, Person Education, Transtutors Com India, Career Launcher India Ltd, Capella Education Company, Macmillan Publisher Ltd, Maxmend Abacus and Basic Academiy, Next Generation India Put Ltd Sky India Computer Education ইত্যাদি বিদেশী pvt Ltd কোম্পানীয়ে শিক্ষাৰ দৰে পবিত্ৰ মানৱ সম্পদ গঢ়াৰ দায়িত্ব ক'লা চাহাবৰ চৰকাৰে এৰি দিছে উপনিৱেশৰ মালিক বগা চাহাবৰ প্ৰাইভেট লিমিটেড কোম্পানীৰ হাতত | বগা চাহাবৰ দিনৰ পৰা ক'লা চাহাবৰ দিনলৈকে শিক্ষাৰ নামত যে ভেকোভাওনাহে চলি আছে সেই কথা ক'লে চৰকাৰে আমাক দেশদ্ৰোহীহে সজাব | স্বয়ং মোদী চৰকাৰে নিয়োগ কৰা টি.এছ.আৰ সুব্ৰমনিয়াম কমিটিয়ে নতুন শিক্ষানীতিৰ ওপৰত দাখিল কৰা প্ৰতিবেদন ( ২৮ মে ২০১৬) ত কি কৈছে চাওক-- মুঠ কথা আমাৰ শিক্ষা ব্যৱস্থা গেলি গৈছে , নতুনকৈ গঢ়িব লাগিব | শিক্ষাৰ গুণগত মান নোহোৱা হৈ গৈছে , লেকামবিহীন বাণিজ্যিকীকৰণৰ ফলত পবিত্ৰ শিক্ষা ব্যৱস্থাটোৰেই অপমৃত্যু ঘটিছে | কিন্তু ভাৰতৰ শিক্ষা ব্যৱস্থাৰ কেৰোণ ক'ত সেইকথা লৰ্ড মেকলেৰ শিক্ষাৰে শিক্ষিত ক'লা চাহাব সুব্ৰমনিয়ামৰ মগজুৱে ঢুকি নাপালে | তেৱোঁ দেশৰ শিক্ষাব্যৱস্থাটো বিদেশী প্ৰতিষ্ঠানৰ হাতত তুলি দিবলৈহে চৰকাৰক পৰামৰ্শ দিলে আৰু এইদৰেই চৰকাৰৰ সমৰ্থন পাই বিদেশী কোম্পানীসমূহে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ভাৰতত স্থাপন কৰিছে চাৰি লাখ ইংৰাজী মাধ্যমৰ ব্যক্তিগত শিক্ষানুস্থান | ভাৰত চৰকাৰে প্ৰায় ১২ লাখ চৰকাৰী শিক্ষানুস্থানৰ নামত বছৰি খৰছ কৰে প্ৰায় চাৰি লাখ কোটি টকা আৰু এই ব্যক্তিগত ইংৰাজী মাধ্যমৰ শিক্ষানুস্থানৰ মালিকবোৰে প্ৰায় ১০ কোটি ছাত্ৰ/ছাত্ৰীৰ কেৱল নিজৰ পৰাই বছৰি সংগ্ৰহ কৰে ১০লাখ কোটি টকা | ( উৎস ABP News Program Survey) এই বৃহত অংকৰ ধনৰাশি ভাৰত চৰকাৰৰ বছৰেকীয়া বাজেটৰ প্ৰায় ৪০%ভাগ | অৰ্থাৎ School চলোৱা প্ৰাইভেট মালিক কেইটামানে ভাৰত চৰকাৰকে কিনি পেলাব পাৰে ছাত্ৰ/ছাত্ৰীৰ ২ - ৩ বছৰৰ ফিজৰ পইচাৰে | শিক্ষাৰ নামত ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ পকেটৰ পৰা এইদৰে বছৰি বিদেশলৈ ওলাই গৈ আছে লাখ লাখ কোটি টকা |

 ✍️হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)