মুকলি শূণ্যতাৰ ধূলিকণাবোৰ আজি অস্থিৰ
মুখাৰ আঁৰৰ মুখাৰ উপদ্ৰৱত পৃথিৱী অশান্ত
শুকুলা মেঘৰ চিলা ক'লা ডাৱৰৰ আৱৰ্তত
ব্যস্ত সময় ব্যস্ত জনগণ
তাৰ মাজত মুখা পিন্ধা ভদ্ৰলোকৰ অবাস্তৱ নেদেখা ঘৃণনীয় হাঁহি
নিশা বন্ধ কোঠালিৰ একো একোজন আলহী।
✍️ পৰাগ জ্যোতি ভট্টাচাৰ্য্য
বামুণ আংৰাদী,নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ