পিতাই মই খেতি কৰিম-লক্ষ্যজিৎ সন্দিকৈ

©Admin
0
পিতাই মই খেতি কৰিম
পিতাই তোৰ দৰে মই 
পথাৰত খেতি কৰিম
তই জাননে পিতাই 
সিহঁতৰ দৰে মই 
পঢ়িব নোৱাৰোঁ।
মই দেখোন আজিকালি
ভাৱিবই নোৱাৰোঁ ও 
অভিলাষী চহৰৰ কথা
আগতে তোক দিয়া কথাবোৰ
মনত আছেনে তোৰ।
মই ডাঙৰ হ'লে...................
তই পাৰিবি জানো পিতাই 
আঁচলৰ ধন গৰুহাল বেছি 
মোক চহৰলৈ পঠাবলৈ।
পাৰিবি জানোঁ তই
বুকুৰ আপোন খেতি ডৰাক,
মহাজনক বন্ধকত দিবলৈ
পিতাই অ তই চিন্তা নকৰিবি
আমাৰ নতুনকৈ জগা 
ৰঙা  দমৰাটো ডাঙৰ হ'লেও
বলাইৰ কজলাটোকে লৈ 
খেতি কৰিম
নালাগে মোক চৰকাৰী ধন 
পিতাই মই খেতি কৰিম।।

✍️ লক্ষ্যজিৎ সন্দিকৈ।
চৰাইদেউ,বৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)