স্কুলৰ বান্ধৱী জনী-সুৰুজ আলী

Rinku Rajowar
0
ক্লাছ নাইনৰ পৰাই
        চাওঁ-নাচাওঁকৈ
              তোমাক চাইছিলোঁ।
তোমাৰ সেই মিচিকীয়া হাঁহি
তোমাৰ বেকা চাওনি
সকলোৱেই ভাল লাগে মোৰ;
কি যে এক প্ৰেম প্ৰেম অনুভৱ।।
মেট্ৰিক দিয়ে
       চোক-চাককৈ
            তুমি নজনাকৈ
                 নম্বৰ গোটাই
ঈদৰ শুভেচ্ছাৰে আৰম্ভ কৰিছিলোঁ ,
গোটেইটো যেন এক
স্বৰ্গবাসৰ অনুভৱ।।
       তোমাৰ এটা মেচেজেই
           এটা দিন সজাব ধৰিলে মোৰ।
দিনৰ পৰত
      ৰাতিও তোমাৰ সপোনে
           আমোল-মোল কৰিলে মোক।।
তুমি নজনাকৈয়ে 
তোমাৰ প্ৰেমত পৰিছিলোঁ,
তোমাক লৈ সপোনত
কাৰেং সজাইছিলোঁ
কি যে এক মধুৰ সুপ্ত।।
কিন্তু এদিন
        ভাঙি দিলে নিয়তিয়ে
            মোৰ ভূল সিদ্ধান্ত
কিন্তু আজিও ভাবি ভাল লাগে
        তোমাৰ সেই মিচিকীয়া হাঁহি
             তোমাৰ বেকা চাওনি।।

            🖋️ সুৰুজ আলী
            সৰুপথাৰ গোলাঘাট
                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)