মোৰ গাওঁ মোৰ মানুহ~চুটিগল্প-চুমিন্দ্ৰ চৌধুৰী

মই তেতিয়া কুৰুৱা এম ভি স্কুলৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্র ৷ সেই সময়ত কুৰুৱাত বিজুলী শক্তিৰ ব্যৱহাৰেই হোৱা নাছিল ৷ স্কুল ছুটীৰ পাছত গৰমৰ দিনত ৰাস্তাৰ দাঁতিৰ গছৰ ছাঁত মেজ বেঞ্চ পাৰি ভৰদুপৰীয়া জিৰণি লোৱাৰ নামত সাধুকথা পঢ়া, বাঘ ঢাল খেলা, কড়ি খেলা আদি  পৰম্পৰাগত দৰে আছিল ৷ তেনে এদিনাখন ভৰদুপৰীয়া গেলা গৰমত আমি পাঁচটা মান খটাসুৰে ৰাস্তাৰ দাঁতিত বহি থাকোতেই কাষেৰে সকলোৰে পৰিচিত ডাকুলীবাই পাৰ হৈ গ'ল ৷ আমাৰ শৈশৱৰ সময়ত ঘাইকৈ দুটা কাৰণত ডাকুলী বাই আছিল আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ৷ প্ৰথম আকৰ্ষণৰ কাৰণটো হ'ল তাই কাষলতিৰ খোচনাত কঢ়িয়াই লৈ ফুৰা জোলোঙাখন আৰু তাইক চুনী মাল গাড়ী বুলি কলে তাইৰ মুখৰ  পৰা অগ্নি বৰষা গালি শপনি বোৰ ৷ 
কেতিয়াবা আকৌ তাইক ভালকৈ তাইৰ বয়স কিমান বুলি সুধিলে কয় বিশ বছৰ। অ, আ পঢ়িবলৈ দিলে কিবা এক বিশেষ সুৰত স্বৰবৰ্ণ খন সুৱলাকৈ গাই শুনোৱাই ৷ গিৰিয়েকৰ নাম কি আছিল বুলি সুধিলে কয় ৰাতি যে আকাশত ওলাই সেইটো, কিন্ত পাপ লগাৰ ভয়ত ভুলটো নকয় চন্দ্ৰ বুলি ৷ 
ডাকুলীবাইয়ে কঢ়িয়াই ফুৰা জোলোঙাখনত আচলতে কি থাকে সেইয়া জানিবলৈ আমাৰ মনত আছিল প্ৰবল অনুসন্ধিৎসুকতা ৷ সেই কাৰণে  আমাৰ সদায়েই প্ৰয়াস থাকে তাইৰ জোলোঙাখন খুলি চাবলৈ ৷ আকৌ চুনী ককাইদেউ আছিল ডাকুলীবাইৰ ককায়েক ৷ ডাকুলীবাই অকালতে বিধৱা হৈ মানসিক ভাৰসাম্য হেৰুৱাৰ পাছত ককায়েকৰ ঘৰতে থাকিছিল ৷ কেতিয়াবা দোকানৰ পৰা ককায়েকৰ মালপত্র কঢ়িয়াই নিয়ে কাৰণে তাইক চুনীৰ মাল গাড়ী বুলি কলে তাই খঙত জকি উঠিছিল ৷ কেতিয়াবা অতিষ্ঠ হৈ তাই দলি ফৰ্মূতিও মাৰি পঠিয়াই আৰু তেতিয়াই আমিবোৰে ছেদেলি- ভেদেলি দি পলাওঁ ৷ সেয়াই  আছিল আমাৰ শৈশৱৰ আসুৰিক উন্মাদনা ৷
আনদিনাৰ দৰে সেই দিনাখনো  অকনো ব্যতিক্ৰম নহ'ল ৷ তাই আমাৰ কাষেদি পাৰহৈ যোৱাৰ লগে লগেই আমি জোকাবলৈ আৰম্ভ কৰি দিলো ৷ আৰু কোনোবা এপাকত আমাৰ লগৰ এটাই তাইৰ জোলোঙাখন চিলনীয়ে থপিওৱাৰ দৰে থপিয়াই নি লুইতৰ কাষৰ হোলাটোৰ ওচৰ পালগৈ ৷ তাই কান্দি কাটি গালি শপনি পাৰি গোচৰ দিবলৈ আকৌ সোমাই গ'ল আমাৰ ঘৰত ৷ সেই সময়ত দেউতাও স্কুলৰ পৰা আহি জিৰণি লৈ আছিল ৷ গতিকে দেউতাৰ ওচৰত গোচৰ পৰা মানে মই কাণতলীয়া খোৱাটো চুড়ান্ত ৷ গতিকে কিংকৰ্তব্যবিমোৰ হৈ ময়ো  বাকী দলটোৰ পাছে পাছে নদীৰ ঘাটলৈ দৌৰ দিলো ৷ ইতিমধ্যেই লগৰ অকণে হোলাটোৰ পাৰত বহি ডাকুলীবাইৰ জোলোঙাখন খুলি ঠান বান কৰিলেই ৷ জোলোঙাখনৰ ভিতৰত কলপাতেৰে মেৰিয়াই থোৱা কেইখনমান সৰু সৰু চূণৰ পুৰীয়া, আধলি আৰু সিকি কেইটামান আৰু  এটা ভাতৰ টোপোলা ৷ লগৰ কেইটামানে জোলোঙাখন পেলাই দিয়াটোকে বিছাৰিছিল যদিও ভৰদুপৰীয়া ভাতৰ টোপোলাটো দেখাৰ পাছত কিবা মোৰ মনটো উদাস হৈ পৰিল  ৷ অকণৰ হাতৰ পৰা জোলোঙাখন আজোৰ মাৰি লৈ ডাকুলীবাইৰ ঘৰলৈকে খোজ দিলো ৷ নদীৰ পাৰেদি গৈ ডাকুলীবাইৰ উৰুখা পঁজাৰ পিৰালিত ভৰি দিয়াৰ পাছত ভিতৰত ডাকুলীবাইৰ উচুপনি শুনিলো ৷ উচুপি উচুপি তাই মাকক জোলোঙাখন আমি আজুৰি নিয়া গোচৰ দি আছিল ৷ তাই যেতিয়াই নিজে নাখাইয়ো মাকলৈ মাগি অনা ভাতৰ টোপোলাটো হেৰুৱাব লগীয়া হোৱাৰ কাৰণে ইনাই বিনাই মাকক ক্ষমা কৰি দিবলৈ কান্দিছিল মোৰ শিশু হৃদয়খনো মোচৰ খাই উঠিছিল ৷ অন্তৰত  সম্পূৰ্ণ অনুতপ্তৰ অনুভৱ লৈ হাততসাৰে ভৰিতসাৰে ডাকুলীবাইৰ ঘৰৰ পিৰালিত জোলোঙাখন ৰাখি মই উভতি খোজ দিলো ৷ মনতে ভাবিলো মানসিক বিকাৰগ্ৰস্ত মানুহজনীৰ অন্তৰত মাতৃৰ প্ৰতি ভক্তি আৰু আস্থা ৷ নিজে নাখাই মাকৰ প্ৰতিপালন কৰিবলৈ কাষলতিৰ তলত কঢ়িয়াই ফুৰা জোলোঙাখন ৷  দেউতাই মাৰিলেও কাটিলেও আজি মোৰ চাক্ষুষ কথাখিনি দেউতাক কমেই বুলি সাহসেৰে ঘৰলৈকে পোনাই দিলো ৷
সকলোতকৈ ডাঙৰ কথাটো হ'ল সেইদিনাখন মোৰ মুখত সকলোবোৰ শুনি দেউতাই মোক অকণো খঙ ন'কৰিলে ৷ মাথোঁ এনেকুৱা কাম যাতে পুনৰাই নকৰো তাকে সঁকিয়াই দিলে ৷  ডাকুলীবাইৰ ইকুৱেডৰৰ মাতৃভক্তিৰ নিদৰ্শনে মোৰ হৃদয়ত আজীৱন সাঁচ বহুৱাই গ'ল ৷ 'মা' পৃথিৱীৰ সকলোতকৈ অমিয়া আৰু কোমল আৰু সহজেই উচ্চাৰণ কৰিব পৰা শব্দ ৷ মা জীয়াই থাককেই বা নাথাকক আমি প্ৰতি দিনেই জানি অজানি পুৱাৰ পৰা গধূলিলৈ সুখ দুখ সকলো ক্ষণতে মা বুলি উচ্চাৰণ কৰো ৷ মা  অনন্যা ৷
 মই বহুত ধন্য যে মোৰ গাঁও খনৰ বহু অখ্যাত লোকৰ বিখ্যাত গুণবোৰ ফহিয়াই জীৱন যাত্ৰাত আগুৱাই যাবলৈ জ্ঞান, সাহস আৰু অনুপ্ৰৰেণা লভিবলৈ সুযোগ পালো ৷

✍️চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send