জীৱনৰ ৰং-ধৃতাশ্রী বৰ্মন,

পাহি- ঐ ৰিয়া তোৰ ষ্টেবুল আছে নেকি? 
ৰিয়া- আছে! কিয়?
পাহি- নহয় ও; মানে সমাজ বিজ্ঞানৰ যে প্রজেক্টটো বনাব দিছে, সেইটো বনালো। এতিয়া  ষ্টেবুল কৰ পৰা মাৰো!
ৰিয়া- অহ! মোৰ আছে দে, মই মাৰিছোঁ। 
পাহি - উম! মই এতিয়া কৰ পৰা মাৰো।
ৰিয়া- কিয়? তই ষ্টেবুল এটা ও কিনি লব নোৱাৰ নে? 
পাহি- তই জানই চোন! দেউতাক কোৱাৰ পিছত তেওঁ কিবাকৈ হ'লেও আনি দিব কিন্তু!
 ৰিয়া- কি কিন্তু! 
পাহি- নহয়, দেউতাই যোৱাকালি মাৰ আগত কৈ থকা মই শুনিছিলো, তেওঁ কৈছিল "পকেটত এক পইছা ও নাই, এতিয়া বজাৰ ক'ৰ পৰা কৰিম।"
এতিয়া মই কেনেকৈ কওঁ ঘৰত, নিজৰে কিবা এটা ভাল নালাগে। 
ৰিয়া- ও ঠিক আছে বাৰু, কালি স্কুলত লগ পাম দে।
পাহি- হ'ব দে, স্কুলত লগ পাম।
   পাহি আৰু ৰিয়া বৰ্তমান দশম শ্রেণীৰ ছাত্রী। দুয়ো সদায় স্কুলত একেলগে অহা যোৱা কৰে, কিন্তু দুয়োৰে মন দুটা বেলেগ বেলেগ। পাহিয়ে আনক সহায় কৰি খুব ভাল পায়, তাইৰ লগত যদি ১০ টকা থাকে তাৰে ৫ টকা আনৰ নামত খৰছ কৰে। কিন্তু ৰিয়া আছিল সম্পূৰ্ণ বেলেগ। তাই অকল নিজক চিনি পায়। পাহীৰ 
ঘৰৰ অৱস্থা খুব বেছি ভাল নহয়। কিবাকৈ চলি আছে আৰু। 
পঢ়াত কিন্তু খুব চোকা। ছোৱালীজনী পঢ়াত যেনেকৈ চোকা তাইৰ মুখখন ও একেবাৰে লাউপাত-কচুপাত। মানুহে কেতিয়াবা কয় বাঃ ছোৱালীৰ মুখ চা একেবাৰে কঠাল গুটি। 
  কিন্তু তাইৰ এইবোৰত কাণসাৰ নাই। কাৰণ তাইৰ সচাঁটোক সচাঁ আৰু মিছাটোক মিছা বুলি ক'ব পৰা সাহস আছে। সেয়ে লোকৰ কথালৈ গুৰুত্ব নিদিয়ে কাৰণ তাই জানে "ৰাস্তাৰ কুকুৰে সদায় ভুকেয়ে।" 
    
পাহি খুব আত্মবিশ্বাসী। তাই জানে যে, জীৱনত তাই সফল হ'ব। তাইৰ বিশ্বাস তাই এদিন তাইৰ সপোনক বাস্তৱত পৰিণত কৰিব। 
 তাই ডাক্টৰ, ইঞ্জিনিয়াৰ হোৱাৰ সপোনৰ কথা কোৱা নাই; তাইৰ সপোন মাক দেউতাকক সুখী কৰা। তাই যিহেতু নিজে মধ্যবিত্ত পৰিয়ালৰ সেয়ে তাই দুখীয়া - নিচলাক সহায় কৰিব বিচাৰে। যিদিনা তাই আনৰ বাবে কিবা এটা কৰিব পাৰিব, সেইদিনাহে তাই ক'ব-
   "জীৱন যুদ্ধত মই এজন সফল ব্যক্তি। আনৰ বাবে যেতিয়া কিবা এটা কৰিব পাৰিম; তেতিয়াহে বিচাৰি পাম জীৱনৰ প্রকৃত ৰং; জীৱনৰ প্রকৃত মাদকতা।"
 
        ✍ধৃতাশ্রী বৰ্মন, নলবাৰী।
             

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send