প্ৰেমত নপৰোঁ মই
কেতিয়াও কাৰো প্ৰেমত
নদীৰ প্ৰেমত পৰিলোঁ
খৰালিচোন পানীয়ে নোহোৱা হ'ল,
হেঁপাহৰ নাওখন মোৰ
বালিচৰতে লাগি ৰ'ল ৷
বাৰিষাও বাঢ়ি আহিল
পাৰ ভঙা ঢল,
কল্পনাৰ মথাউৰিটো মোৰ
ভাগি-ছিগি গ'ল ৷
সাগৰৰ প্ৰেমত পৰিলোঁ
জোৱাৰ ভাটা হ'ল
পৰ্বত যেন ঢৌ দেখি
আশাবোৰ আশা হৈয়ে ৰ'ল ৷
প্ৰকৃতিৰ প্ৰেমত পৰিলোঁ
ধুমুহা শিলাবৃষ্টিয়ে কৰিলে প্ৰলয়,
ভাগি চূৰ-মাৰ হ'ল মোৰ
মৰমৰ আলয় ।
বেলিৰ প্ৰেমত পৰিলোঁ
লাগিলে সূৰ্য গ্ৰহণ,
প্ৰখৰ ৰ'দেও দেহা মোৰ
কৰিছে দহন ।
জোনৰ প্ৰেমত পৰিলোঁ
অমানিশা হ'ল,
আন্ধাৰত দুভৰি মোৰ
থমকিহে ৰ'ল ।
সপোনৰ প্ৰেমত পৰিলোঁ
বাস্তৱ মাথোঁ মৰীচিকা,
অন্তৰ দহিছে আজি মোৰ
যেন বুকুত সোমাইছে এটি
বিষাক্ত বিছা ৷
সেয়ে কৈছোঁ,
প্ৰেমত নপৰোঁ মই
কেতিয়াও কাৰো প্ৰেমত ৷
✍️পৰশ বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ