এতিয়াটো তুমি মোৰ প্ৰেমিকা-নীলপ্ৰতিম বড়া

©Admin
0
অ মইনা তোমাৰ চাবোনত লাগি গ'ল জুই
তুমি যে ইমান হেভি বিউটিফুল
আইনাৰ সন্মুখত বাৰে বাৰে নিজক চাওঁ 
নিজকে তোমাৰ লগত মিলাওঁ

উতলা তোমাৰ চাৱনিতেই ভাৱনাৰ বৰষুণ সৰে,
আমাৰ প্ৰেমকলৈ জ্বলি মৰা
মকৰাৰ মস্তিষ্কৰ নীলা শিয়ালবোৰে আমাৰ প্ৰেমক কয় আকৌ কেৰেক্টৰলেচ .

বহাগৰ পহিলাত শিৱ দৌলত লগ পোৱা সেই অচিনাকী ছোৱালীজনী আজি মোৰ প্ৰেমিকা
খালি পকেটত সংগ দিয়া হ'বলগীয়া অৰ্ধাংগিনী

গাত থৰ নুৰোৱা চাদৰ-মেখেলাৰ ভাঁজত 
জোৰ কৰি ঢাকিব খোজা তোমাৰ কুমলীয়া উতলা দেহৰ প্ৰথমচাটি যৌৱনৰ শিহৰণ

মই নেদেখাৰ চলেৰে বাৰে বাৰে মোলৈ দিয়া তোমাৰ সেই আকৰ্ষিত চাৱনি 
চকুত চকু পৰিলত লাজৰ উৰণি টানি  
প্ৰেমৰ বুটা বচা তোমাৰ সেই মিচিকিয়া হাঁহি 

তোমাৰ সখী চিত্ৰলেখাই দিলেহি প্ৰস্তাৱ
ময়ো সখীৰ হাতত তুমিলৈ বুলি পঠালোঁ খবৰ
ধীৰে ধীৰে বাঢ়ি অহা বুকুৰ মৰমবোৰ 
আঙুলি ফাঁকতে আঙুলি বুলাই ভালপোৱাৰ 
অগনি জ্বলাই বিচাৰো প্ৰতিক্ষণে তোমাক কাষত

তোমাৰ প্ৰতি অভিমান কৰোঁ 
তোমাকলৈ খং কৰোঁ ,কিন্তু
তোমাৰ কাষত পালে ৰোমাঞ্চিত চিনেমাৰ হেৰৌ দৰে ৰঙীন সপোন দেখো
এতিয়াটো তুমি মোৰ প্ৰেমিকা।

✍️নীলপ্ৰতিম বড়া 
যোৰহাট,টীয়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)