স্বীকৃতি-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
মদনে মানুহজনৰ কথা সহজে ল'ব নোৱাৰিলে ৷ তেওঁৰ কি গৰজ পৰিছে সি ভুলেই লিখিছে নে শুদ্ধই লিখিছে মতামত দিবলৈ ৷ প্ৰত্যেকজন কবিয়ে নিজৰ কবিতাটোক নিজৰ সন্তানৰ দৰে ভাৱে ৷ গতিকে নিজৰ সন্তানক আনে আঙুলিটোৱাটো তাৰ সহ্য নহয় ৷
তেনে সময়তেই জীয়েক দিশাই চিন্তাত যতি পেলাই স্কুলৰ ৰিপ'ৰ্ট কাৰ্ড খন তাৰ হাতত তুলি দিলেহি ৷ গণিতত পুনৰ কম নম্বৰ পাইছে ৷ এনেয়েও খং উঠিয়েই আছিল। তাতে তাই পোৱা গণিতৰ নম্বৰ দেখি তাৰ খং মূৰৰ চুলিৰ আগ পালেগৈ ৷ সি আজিয়েই বিষয় শিক্ষকক লগ ধৰি তাইক কিদৰে শুধৰাব পাৰি জানিব লাগিব ৷ সি নিজে গণিতৰ এম এছ চি হৈ জীয়েকে গণিতত কম নম্বৰ পাই থাকিলে নাক কটা যাব ৷
  দিশাৰ গণিতৰ শিক্ষকক লগ ধৰি অহাৰ পাছত মদনে অভিধানখন মেলি অচিনাকি মানুহজনে আঙুলিয়াই দিয়া তাৰ কবিতাৰ শাৰী কেইটা শুধৰাই ল'লে ৷ সচাঁকৈ কবিতাটো দেখোন এতিয়াহে আৰু ভাল লাগিছে ৷
আচলতে জীৱনৰ প্ৰতিটো ক্ষণতে একোজন শিক্ষক আমাৰ সচাঁকৈ প্ৰয়োজন ৷ কথাটো ভাবি মদনে অচিনাকি মানুহজনক কৃতজ্ঞতা জনাবলৈ ফোনটো পকেটৰ পৰা উলিয়াই ল'লে ৷

✍️ চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)