অভিশপ্ত সেই নিশা ¶ কাকলি কটকী

Rinku Rajowar
1
ঘপকৈ বাজি উঠা ম'বাইলৰ ৰিংট'নটোৱে প্ৰীতমক সেই অ'তীতৰ দিনবোৰৰ পৰা ঘূৰাই বৰ্তমানৰ পৰিৱেশ টোক চিনাকি কৰাই দিলে।  ফোনটো ৰিচিভ কৰাৰ লগে লগে সিটো মূৰৰ পৰা কোনোবা এজনে  ক'লে-
: ছাৰ ছাৰ... আপোনাক লগ ধৰিব'লৈ এজন মানুহ আহিছে। আপোনাৰ কেবিনলৈ পঠাই দিওঁনে???
প্ৰীতম: অ'হ হয়নেকি??? Ok পঠাই দিয়া।(ফোনটো কাটি দিলে)
                  ইমান সময়ে সি যে তাৰ অফিচতহে বহি আছিল ফোন কলটোৱে হে তাক জনাই দিলে। কাৰণ প্ৰীতমে ইমান সময় তাৰ জীৱনৰ পাৰ কৰি অহা ৩০ তা বছৰৰ কথা হে ভাৱি আছিল। অতীতৰ তাৰ সেই দিনবোৰক সি কেতিয়াও পাহৰিব নোৱাৰে। 
সঁচাকৈ.... মানুহৰ জীৱন যে কেতিয়া কেনেকৈ সলনি হয় কোনেও কব নোৱাৰে। 
      মাক দেউতাক এজনী ভনীয়েকৰ সৈতে প্ৰীতম হঁতৰ এটি সুখী পৰিয়াল। দেউতাকে এখন দোকানত থাকি পৰিয়ালটো পোহপাল দিছিল যদিও সিহঁতক কিন্তু কোনোদিনেই অভাৱত পৰিব দিয়া নাছিল। অতি মিতব্যয়ী স্বভাৱৰ মানুহজন নাম আছিল মহেন্দ্ৰ। 
গাঁৱত সকলোকে সন্মান কৰি চলিছিল বাবেই সকলোৱে মানুহজনক খুব ভালপাইছিল।  অতি সুন্দৰকৈ চলি থকা সেই সুখী পৰিয়ালটোত হয়তো মানুহৰ নহলে ভগৱানৰ চকু পৰিল। এটা অভিশপ্ত দিনে পাপুহঁতৰ মৰমৰ ঘৰখনলৈ অন্ধকাৰ নমাই আনিলে সেইদিনা আছিল পৰীৰ জন্মদিন.....
            আগদিনায়ে সকলোৱে পৰীৰ জন্মদিনটো কেনেকৈ ভালদৰে পাতিব আলোচনা কৰিলে। বাপেক মহেন্দ্ৰইয়ে একমাত্ৰ ছোৱালী জনীৰ জন্মদিন পাতিবলৈ বৰ উৎসাহেৰেই সকলো বজাৰ কৰি আনি পত্নী নমিতাক যোগাৰ কৰি দিলে। 
           ৰাতিপুৱা সোনকালেই উঠি নমিতাই কামবোৰ কৰিলে। সকলো বজাৰ কৰিলেই যদিও মহেন্দ্ৰই সেইদিনা পৰীৰ বাবে এযোৰ নতুন কাপোৰ আনিবলৈ পাহৰি থাকিছিল। নমিতাই কথাটো মহেন্দ্ৰক জনোৱাত হে মনত পৰিল। মহেন্দ্ৰই ভাৱিলে পৰী শুই উঠাৰ আগতেই টাউনলৈ গৈ কাপোৰ এযোৰ লৈ অহাই ভাল। কথামতেই কাম... মহেন্দ্ৰই নমিতাক কথাষাৰ জনাই চাইকেল খন লৈ টাউনলৈ বুলি ৰাওনা হ'ল। ৰাতিপুৱাৰ পৰা কামৰ ব্যস্ততাত সুমাই পৰা নমিতাই সময়ৰ কথা পাহৰি গ'ল পৰি শোৱাৰ পৰা কেতিয়াবাই উঠি সমনীয়াৰ লগত ধেমালি কৰিবলৈও ওলাই গ'ল। 
             ইফালে মহেন্দ্ৰ ঘৰলৈ এতিয়াও ঘূৰি নাই অহা। বেলি আহি মূৰৰ ওপৰত উঠিল। নমিতাৰো মনটোত চিন্তাই আগুৰি ধৰিছে যদিও-( তেওঁ আহি পাবহি বুলি) মনটোক সান্তনা দি  নিজৰ কামত লাগিল।  
পৰীয়ে দেউতাকক ঘৰত নেদেখি ককায়েক পাপুক সুধি গম পাইছিল যে দেউতাকে তাইলৈ নতুন কাপোৰ আনিব গৈছে। কিমান যে ফুৰ্তি... ঘনে ঘনে তাই পদূলি মুখলৈ দেউতাকক চাবলৈ গৈছে। সময় পাৰ হৈ সন্ধ্যা নামি আহিল চাৰিওফালে অন্ধকাৰে ছানি ধৰিছে পৰীৰ জন্মদিনৰ বাবে গাঁৱৰ নিমন্ত্ৰন কৰা সকলো মানুহ আহি ঘৰা ঘৰি গ'লগৈ নমিতাও তেওঁলোকৰ লগত আপ্যায়নত ব্যস্ত হৈ আছিল। দেউতাক ঘূৰি নহা বাবেই পাপু আৰু পৰীয়ে মাক নমিতাক বাৰে বাৰে দেউতাকৰ কথা সুধিছে
"দেউতা কেতিয়া আহিব মা ৰাতিয়ে হ'লচোন"
নমিতাৰ ভয় আৰু চিন্তাত বুকুখনত বিষ এটাই খুন্দা মাৰি ধৰিছে তথাপিও ল'ৰা ছোৱালী কেইটাক সান্তনা দি কৈছে..
"দেউতা আহি পাবহি এতিয়া তোমালোকে ধৈর্য্য ধৰাচোন"
নমিতাৰ কথাখিনি যেন শেষ হব নাপালেই হঠাৎ চোতালত এখন গাড়ীৰ মাত শুনি পাপু বাহিৰলৈ দৌৰি গ'ল। সি দেখিলে এখন বগা গাড়ী ওপৰত ৰঙা নীলা লাইট জ্বলি আছে। পাপুয়ে দৌৰি গৈ মাকক ক'লেগৈ।
: মা মা... বগা গাড়ী এখন আহিছে অ' মা ওপৰত ৰঙা নীলা লাইট জ্বলি থকা... মই  কিতাপত পাইছিলোঁ সেইখনক এম্বুলেন্স বুলি কয়।
     পাপুৰ কথা শুনি সাৱটি ধৰি থকা পৰীক আঁতৰাই তাই চোতাললৈ দৌৰি গ'ল। তাই দেখিছে কেইজনমান মানুহে বগা কাপোৰেৰে ঢকা এটি মৃতদেহ চোতালত নমাই শুৱাই দিছে। আৰু তাৰে এজনে আহি নমিতাৰ হাতত এখন পলিথিনৰ মোনা গুঁজি দিছে। তাই যথৰ হৈ মৃতদেহ তোলৈ চাই আছে। নমিতাৰ মূৰত যেন সৰগখন খহি পৰিল। ভিতৰৰ পৰা পৰী দৌৰি আহি নমিতাৰ হাতৰ পৰা মোনাখন লৈ কাপোৰযোৰ চাই ফুৰ্তি কৰিছে। অলপ সময়ৰ পাছত নমিতা ৰৈ থকা ঠাইতেই মূর্ছা গৈ ঢলি পৰিল। মাক আৰু দেউতাকৰ পৰি থকা শৰীৰ দুটাৰ মাজত বহি পাপুয়ে মাত্ৰ চিঞৰি চিঞৰি কান্দিছে। গাঁৱৰ মানুহ গোট খালে মেডিকেলৰ মানুহ কেইজনে নমিতাক পৰীক্ষা নিৰীক্ষা কৰি চাই গম পালে যে মহেন্দ্ৰৰ মৃত্যুৰ শোকে নমিতাৰ বুকুত খুন্দা মাৰিলে আৰু উশাহ ঘূৰাব নোৱাৰি নমিতাও শেষ নিশ্বাস ত্যাগ কৰিলে। 
        উফফ...... নিয়তিৰ কি পৰিহাস। একেলগে দুটি সৰু ল'ৰা ছোৱালীক এৰিথৈ এই পৃথিৱীৰ পৰা মহেন্দ্ৰ আৰু নমিতাই বিদায় ল'লে। কিন্তু জীৱনৰ কঠিন পথত পিতৃ মাতৃৰ দায়িত্ব পালন কৰিবলৈ ৰাখি থৈ সেই অবুজ পাপুক। সেই দিনটোৱে আছিল সিহঁতৰ ঘৰখনৰ অভিশপ্ত দিন। 
       ভনীয়েক পৰীক বুকুত সাৱটি পাপুয়ে ৩০ তা বসন্ত কেনেকৈ পাৰ কৰিলে ভাৱিলে সি আজিও কান্দে। জীৱনে মানুহক বহু কথাই শিকাই যায় লগতে এইটো কথাও শিকাইছিল যে জাতি ভেদ এইবোৰ আমাৰ মনত ৰাখিব নাপাই।  ভোকৰ তাড়নাত এদিন ঘূৰি ফুৰোতে ৰাস্তাত মুছলমান সম্প্ৰদায়ৰ শেইখ নামৰ ব্যৱসায়ী এজনে দুয়োকে লগ পাই নিজৰ ঘৰলৈ লৈ গৈছিল।নিজৰ ল'ৰা ছোৱালী নথকা মানুহজনে সিহঁতক নিজৰ দৰেই ৰাখিছিল যদিও কোনোদিনেই কিন্তু তেওঁ নিজৰ ধৰ্মলৈ সিহঁতক তুলি লোৱা নাছিল। তেওঁ শিকাইছিল একেখন ঘৰতে থাকি ভগৱান আৰু আল্লাক কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে। স্কুলত নাম লগাই দি দুয়োকে উচ্চশিক্ষিত কৰি পৰীক বিয়া দিলে হিন্দু ধর্মৰ এজন প্রতিষ্ঠিত অধিবক্তাৰ লগত। আৰু পাপুক নিজৰ সম্পত্তিৰ গৰাকী কৰি এটি নতুন কোম্পানী খুলি দিলে যিটো কোম্পানী আজি 
" প্ৰীতম এণ্ড শেইখ" নামৰে জনাজাত।। 
আজি পাপুৰ সকলো আছে ধন, টকা, পইচা ,সম্পত্তি, সন্মান, সকলো আছে কিন্তু লগত নাই তাৰ মাক দেউতাক। তাৰ গুৰু শেইখ বাবা। এই মুক্ত আকাশ খনত সি অকলশৰীয়া এটি মাত্ৰ অন্তৰ ভগা পক্ষী যাৰ কান্দোন কোনেও নুশুনে মাত্ৰ প্ৰতি পলে পলে সোঁৱৰাই থাকে এৰি অহা দিনবোৰক। 
এটি হুমুনিয়াহ কাঢ়ি সি গুণগুণাবলৈ ধৰিলে
জীৱন এখনি...মায়াময় জীৱনী....

সমাপ্ত........


Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. সুন্দৰ প্ৰকাশভঙ্গী, ভাল লাগিল পঢ়ি ।

    ReplyDelete
Post a Comment