বেমাৰ -প্ৰকাশ ৰঞ্জন বৰা

©Admin
0

বেমাৰ হৈছে আজি আমাৰ ,
ভীষণ বেমাৰ ।
কি লাগে আমাক ,
কি বিচাৰিছোঁ আমি ,
নাজানো কোনেও ।
দৌৰিছো কেৱল দৌৰিছো ।
কিন্তু :::::::::
ক'লৈ দৌৰিছো ,
কিয় দৌৰিছো ,
ভাবিৱৰ আমাৰ আহৰি নাই ।
কেৱল প্ৰতিযোগীতা,
অগ্নি পৰীক্ষা ,
ক'ত লক্ষ্য স্থান আমাৰ ,
নাজানো একোকে আমি ।
কোনে লেং মাৰে,
কোন আগবাঢ়ে ,
একোৱেই নাজানো আমি।
নোপোৱাখিনি পোৱাৰ পাছতো ,
আৰু আগবাঢ়ি যাওঁ ,
দুৰ দিগন্তলৈ ,
অজান দেশলৈ।
বেমাৰ হৈছে আজি আমাৰ ,
ভীষণ বেমাৰ ।
কিহৰ পাছত দৌৰিছো আমি ,
বৃহৎ বেঙ্ক বেলেঞ্চ,
দামী গাড়ী ,
সু -উচ্চ অট্টালিকা ,
সুন্দৰী সহধৰ্মিণী ,
নাই নাই নেজানো একোকে ।
দৌৰিছো কেৱল দৌৰিছো। 
নিজৰ কণমানি সন্তানটোকো,
ফুল কুমলীয়াতে চোঁচৰাই নি,
ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখুৱাইছো।
নিজৰ মাতৃভাষা এৰি ,
ইংৰাজী পঢ়িবলৈ বাধ্য কৰাইছোঁ ।
কিন্তু আমি এবাৰো নকওঁ ,
ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ আগতে ,
এজন ভাল মানুহ হ'বলৈ শিকি ল বুলি ।
আঁৰে বেমাৰ হৈছে আজি আমাৰ ,
ভীষণ বেমাৰ ।
নাই হাঁহি ফূৰ্তি তামাচা,
নাই আজি প্ৰাণ খুলি হাঁহিবলৈ অকণমান সুযোগ ।
ব্যস্ত আজি আমি ,
ভীষণ ব্যস্ত ।
পত্নী পুত্রক অকণমান   সময় দিবলৈও আজি 
আমাৰ সময়ৰ অভাৱ ।
নিজৰ আত্মীয় জনকে নাপাওঁ চিনি ,
মত বিনিময় কৰিব'লৈও নাই আজৰি।
বেমাৰ হৈছে আজি আমাৰ ,
ভীষণ বেমাৰ ।
চাৰি জন বন্ধু মিলি খেলা,
কেৰম বৰ্ড খনো মোবাইলতে আবদ্ধ হ'ল।
শিশু হঁতকো সমনীয়াৰ লগ এৰুৱাই ,
ইন্টাৰনেটৰ গ্ৰাসলৈ থেলি দিয়া হ'ল।
নহ'লে যে আমাৰ, 
হাই  কোৱালিটিৰ,
ষ্টেণ্ডাৰ্ড নিমিলা হ'ব।
গাঁৱৰ নামঘৰ সমূহো উকা হৈ ৰ'ল,
ভাওনা সবাহ পাতিবলৈও ,সময়ৰ অভাৱ হ'ল।
যুৱ প্ৰজন্মৰ মনবোৰ, পশ্চিমীয়া দিশলৈ গ'ল।
মাঘ বিহু কাতি বিহু আউতদেটেড হৈ গ'ল,
মাডাৰ্চ ডে ফাৰ্ডাচ ডেৰ সিমা সংখ্যা নোহোৱা হ'ল।
বজাৰত নিচা জাতীয় সামগ্ৰী বোৰ ,
 উভয় নদী হ'ল।
গাঁও এৰি আমাৰ মন বোৰ ,
চহৰ মুখি হ'ল।
পথাৰত খেতি কৰিবলৈও লাজ লগা হ'ল।
কাৰণ :::::::::
সামাজিক জ্ঞান একো নথকা আমাৰ বোৰৰ,
ডিগ্ৰীৰ কাগজ খনেই কাল হ'ল।
কষ্ট নকৰাকৈ টকা ঘটাৰ দিশত ,
আমাৰ মনবোৰ বান্ধ খাই ৰ'ল  
কিযে হৈ গ'ল।
মনবোৰ বান্ধি ৰাখিবলৈ
উপায় নোহোৱা হ'ল
হাঃ হাঃ হাঃ 
সমাজ কৰ্মীৰ সংখ্যা, 
দিনে দিনে বাঢ়ি গল,
কিন্তু:::::::
  নিঃস্বাৰ্থভাৱে  সমাজৰ কাম কৰা, 
আমাৰ মাজত কেইজননো ৰ'ল।
হাঃ হাঃ হাঃ 
আৰে বেমাৰ হৈছে আজি আমাৰ 
ভীষণ বেমাৰ 
আবেগ ,অনুভূতি ,সম্পৰ্ক 
এইবোৰ মনৰ পৰা কেতিয়াবাই আতৰি গ'ল।
হিংসা, স্বাৰ্থপৰতা ,বিলাসিতা মনৰ মাজলৈ 
কুৰুকি কুৰুকি সোমাই গ'ল।
বেমাৰ, অ বেমাৰ হৈছে আজি আমাৰ  
ভীষণ বেমাৰ।

✍️প্ৰকাশ ৰঞ্জন বৰা
     গোলাঘাট, ঢেকিয়াল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)