সংগোপনৰ আলি-দোমোজা~কবিতা~চিন্ময় ডেকা

©Admin
0
ভাৱিছিলোঁ এসময়ত
তোমাৰ সৈতে সংসাৰ পাতিম এদিন!
ক'ত আছিলে, জীৱন জীয়াৰ
ভাৱাত্মকৰ অন্তৰীপ  আলাপ-আলোচনা
নিষ্ঠুৰ সময়ে নিস্তব্ধ কৰিলে
হঠাৎ; পছোৱা ধুমুহা বতাহৰ সৈতে ভাঙি চূৰ্ণ বিছিন্ন হৈ
আজি এতিয়া মই মৌন।

অনাকাংক্ষিত আশাৰ ৰেঙণি
শেঁতা পৰা চকুৰ চাৱনি,
মনে কয়, নিৰৱতাৰ হেঙাৰ আঁতৰাই
আনিব বিছাৰো এদিন
ভাঙি যোৱা হৃদয়ৰ মৰমৰ আঁজুৰি
কিন্তু, ক'তা মই যেন নিৰুপায় ।

অশ্রু নিগৰি মাতাল হৈ পৰিলোহি 
তোমাৰ প্ৰতিছবি বুকুত সংগোপনে ৰাখি
প্ৰকাশ কৰিব নোৱাৰিলোঁ।
জানোছা তুমি, হৃদয়ত কষ্ট পোৱা বুলি!
সেয়ে হ'লহি আজি যেন, মোৰ হৃদয় ভগ্ন।

প্ৰত্যেকটো ক্ষনতে অকলশৰীয়া অনুতপ্ত হ'লো
হেজাৰ সপোনৰ ব্যাকুলতা পাহৰি
আজীৱন ৰৈ আছো
তোমাৰ ছত্ৰ-ছায়াকে, বুকুত গোপনে আপোন কৰি বান্ধি।

✍️চিন্ময় ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)