ফেচবুকৰ পৰা-মই কিন্নৰে কৈছো-প্ৰহ্লাদ জ্যোতি বৰা

মোৰ যেতিয়া চৈধ্য বছৰ বয়স হৈছিল দেউতায়ে মোৰ আচৰণ চাল-চলনবোৰ দেখি ঘৃণ কৰিছিল। এদিন নিশা মোক চাবুকেৰে শৰীৰত কোৱাইছিল। তথাপিও মোৰ আচৰণ সলনি নহ'ল। কাৰণ মই এগৰাকী কিন্নৰ আছিলো।
:: হেৰা; ইয়াৰ কাৰনে বাহিৰত মুখ উলিয়াব নোৱাৰা হলো।মই  কি পাপ কৰিছিলো ভগৱান! সন্তানৰ নামত  হিজৰা এটাহে দিলা। ইয়াক মাৰি পেলোৱাই ভাল হ'ব। 
:: আপুনি তাক মাৰি পেলাব নোৱাৰে । কিন্নৰ হ'লেও সি মোৰেই পেটৰ সন্তান।
::নাই ই ঘৰত থাকিব নালাগে। ইয়াক মোৰ চকুৰ আগৰপৰা একেবাৰে আতৰাই লৈ যোৱা। ই ঘৰত থাকিলে আমাৰ ঘৰলৈ কোনো মানুহেই নাহিব। ইয়াক চিৰদিনৰ বাবে কিন্নৰৰ হাতত গটাই দিয়া।
   মায়ে মোক বুকুৰ মাজত শুৱাই লৈ চকুলো টুকিছিল। মই মাক কৈছিলো
:: মোৰ কাৰনে তুমি সদায় দেউতাৰ গালি  খাই থাকিব নালাগে।মই ঘৰ এৰি কিন্নৰ সমাজলৈ গুচি যাম। এইখন  ঘৰত মোৰ প্ৰয়োজনেই নাই মা কাৰন তোমালোকৰ ভাষাত মই হিজৰা ।মই এটা কিন্নৰ।

    দেউতায়ে কৰা অত্যাচাৰবোৰ সহ্য কৰিব নোৱাৰি এদিন ঘৰ এৰি থৈ কিন্নৰৰ বস্তি পালোহি। মোক কিন্নৰ সকলে দেখি বেৰি ধৰি সুধিলে
 ::অই লৰা আমাৰ বস্তিলৈ কিয় আহিছা।
:: মই লৰা নহয় ।মই কিন্নৰ। আপোনালোকে মোক গ্ৰহন কৰক।
:: ৰবা প্ৰমান হিচাপে তোমাৰ গুপন অংগ পৰীক্ষা কৰা হ'ব।

  সেইদিনা মোৰ গুপন অংগ পৰীক্ষা কৰি কিন্নৰৰ সমাজত মোক  পৰিয়ালৰ সদস্য হিচাপে স্থান দিলে। মোৰ শৰীৰপৰা পেন্ট চাৰ্ট সকলোবোৰ তেওঁলোকে সুলকাই উলংগ কৰি পেলালে। শৰীৰত নতুন পোছাক পিন্ধাই দিয়া হ'ল। এযোৰ ৰঙা ৰঙৰ শাৰী পিন্ধাই মোক তেওঁলোকে কিন্নৰ সমাজলৈ স্বাগতম জনাই গোটেই ৰাতিটো নৃত্য গীত আৰম্ভ কৰিলে। ভাৰত নামটো সলাই মই এটা নতুন নাম পালো। আজিৰ পৰা মোৰ নাম  ভাৰতী। এতিয়া হিজৰা ভাৰতী বুলি ক'লে সকলোৱে চিনি পোৱা হ'ল।
:: অই ভাৰতী কালিলৈ বিয়াৰ দিন পৰিছে।
::কাৰ বিয়া? আমি জানো বিয়া হব পাৰিম? আমি তৃতীয় লিংগ ।মানুহৰ সমাজত জীয়াই থকাৰ অধিকাৰেই আমাৰ নাই। বিয়া কৰাৰ অধিকাৰ পামনে ?
::বছৰত এবাৰ  আমি আৰাধ্য  আৰাৱন দেৱতাৰ  লগত বিয়া হব লাগে বুজিলি।
::কি? মইতো আৰাৱন দেৱতাৰ নাম আজিলৈকে শুনা নাই। আৰাৱন কোন ? ক'ৰ দেৱতা?
::অৰ্জুন আৰু নাগকন্যা উলুপীৰ পুত্ৰ হৈছে আমাৰ দেৱতা আৰাৱন।পিছে কালিলৈ সাজু হৈ থাকিবি বিয়া হ'বলৈ। 
:::বিয়া হোৱাৰ পাছত কি কৰিব লাগিব?
:::শুন আমি একৰাতিৰ বাবেহে আৰাৱনৰ পত্নী হৈ থাকো। তাৰ পিছদিনা তেওঁৰ মৃত্যু হৈছে বুলি সকলোৱে বগা কাপোৰ পিন্ধি বিধৱাজনী হৈ চিঞৰি চিঞৰি কান্দো। এয়াই আমাৰ জীৱন। ভাৰতী তই কান্দিছ যে। কি হ'ল তোৰ। দুখ লাগিছে। 
:: অহ! এই কিন্নৰৰ জীৱন বৰ অসহায়। হয় দে বিয়াতো আমাৰো হবলৈ মন যায় কিন্ত ভগৱানে আমাৰ শৰীৰটোত নৰ আৰু নাৰী দুয়োটা ৰূপতেই সৃষ্টি কৰিলে।

  আৰাৱন দেৱতাৰ  লগত কালি বিয়া হৈ আজি বিধৱাৰ জীৱন কটাইছো। এগৰাকী গুৰু কিন্নৰে কালি কৈছিল শ্ৰী কৃষ্ণয়ে মোহিনী ৰূপ ধাৰন কৰি একৰাতিৰ বাবে আৰাৱন ৰজাৰ পত্নী হৈছিল কাৰন পিছদিনাই আৰাৱনৰ মৃত্যু হৈছিল।
 মাক এবাৰ লগপাবলৈ মন গৈছিল।মালৈ বৰকৈ মনত পৰিছে। মোক এই মহিলা ৰূপত মায়ে চিনি পাব জানো?
::এই ভাৰতী?
::কি হ'ল ক?
মোৰ লগৰ কিন্নৰ বিন্দুৱে হাঁহি হাঁহি ক'লে
::আমাৰ লগৰ ৰানী যে 
::ৰানীৰ কি হ'ল?
::ৰানীৰ মৃত্যু হ'ল। 
:: কি? ৰানী মোৰ মৰমৰ বান্ধৱী আছিল। তাইৰ মৃত্যুৰ খবৰটো শুনি মই কান্দিলো।
::অই ভাৰতী তই কিয় কান্দিছ। আমি হিজৰা । আমাৰ সমাজত কাৰোবাৰ মৃত্যু হ'লে  আমি হাঁহো। শোক কৰা চিষ্টেমটো আমাৰ সমাজত নাই।
:: কি ?
:: অহ আমাৰ এইটো নিয়ম।আমাৰ দৰে কিন্নৰ মৰিলে দুখ কৰা নহয়।এতিয়া ব'ল ৰানীৰ মৃত শৰীৰটোত চেন্দেল আৰু জোতাৰে কোবাব লাগিব।
::কিয় তাইৰ মৃতদেহক অত্যাচাৰ কৰিব লাগে ।তাই জীয়াই থাকোতেই শান্তি নাপালে। তাইক মৰাৰ পাছত মৃত শৰীৰটোক অলপ শান্তিৰে থাকিবলৈ দে।
::  তাইৰ মৃত শৰীৰটোত জোতা চেণ্ডেলেৰে কোবালেহে তাইৰ আত্মায়ে শান্তি পাব। আমাৰ বিশ্বাস এনে কৰিলে তাই পুনৰবাৰ কিন্নৰ হৈ জন্ম ল'বলৈ নোৱাৰিব। 
::ব'লা বিন্দু তাইৰ শেষ সংস্কাৰ কৰোগৈ?
  ::আমাৰ কিন্নৰ  সম্প্রদায়ত মৃতদেহ  দিনত সংস্কাৰ কৰা নহয়। মাজৰাতি মানুহবোৰে নেদেখাকৈ গাতত পুতি পেলোৱা হয়। আমাৰ মৃত্যুত কোনো শোক কৰা নহয় কিন্তু এসপ্তাহলৈ ভোকত থাকো। তই মাজৰাতি এপাক ৰানীৰ বস্তিলৈ যাবি। নতুন জোতা এযোৰ পিন্ধি যাবি। ভালদৰে ৰানীৰ মৃত শৰীৰটোত জোতাৰে কোৱাবি  যাতে অহাজন্মত তাই কিন্নৰ হৈ জন্ম লব নোৱাৰে।

  মই বিন্দুৱে কোৱা কথাবোৰ শুনি আচৰিত হ'লো। মোৰ মৃত্যু হ'লে দেউতায়ে আনন্দ পাব মায়ে দুখত কান্দিব। মই আইক এবাৰ লগ কৰি ক'ম
মা, মোৰ মৃত্যুৰ দিনা তই নাকান্দিবি ,হাঁহিবি। তই হাঁহিলে মোৰ আত্মায়ে শান্তি পাব । সঁচাকৈ এই কিন্নৰৰ জীৱন বৰ অসহায়।

🖋️প্ৰহ্লাদ জ্যোতি বৰা


Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send