ৰেচিপি-পদিনা - মাছৰ তৰকাৰী - মাংস - তৰকাৰী - চালাদ

Rinku Rajowar
0
পদিনাঃ-পদিনাৰ পাত বা কুমলীয়া আগ ধুই ল’লো জোখমতে নিমখ , দুফুটা নহৰু, অকণমান আদা ,মান ধনিয়া , মচুনদৰী , জোখমতে তেতেলী টেঙা দি পিচিলো ৷

মাছৰ তৰকাৰীঃ- ভেদাইলতাৰ পাত মানিমুনি পাত ধুই পিচি  চেকি ৰসখিনি উলিয়ালো ,আলু এটা কাটি লৈ জোখমতে পানী দিলো ৷ আধা কাপ শুকান পিঠাগুৰি পানীত গুলি ল’লো  গোটেইবোৰ কুকাৰত দি চিটি এটা দি দিলো ৷ কেৰাহি গৰম কৰি তেল পকিলত পিয়াজ দিলো , আদা নহৰু পিচি দিলো ,জলকীয়া জিৰা দি জোখমতে নিমখ হালধী দি কুকাৰৰ তৰকাৰীখিনি বাকী দিলো কেৰাহিত ৷ আগতেই ভাজি থোৱা মাছ দি উতল আহিলত নমাই থলো ৷
মাংস তৰকাৰীঃ- মাংসখিনি ধুই খৰাহিত টুকি থলো ৷আলু এটা কাটি ল’লো এপোৱা মাংসত তিনিটা পিয়াজ কাটি ল’লো আদা নহৰু পেষ্ট এটা তৈয়াৰ কৰিলো ৷এতিয়া কেৰাহিত তেল গৰম কৰি পিয়াজ দি লৰাই ৰঙা হোৱাৰ ল’গে ল’গে আদা নহৰু পেষ্ট দিলো লগতে তেজপাত আৰু শুকানজলকীয়া দিলো ৷অলপ লৰাই গৰম মছলা জিৰা জলকীয়া গুৰি পানীত মিক্স কৰি দি দিলো ৷ মাংসখিনি দি নিমখ হালধি দি অলপ লৰালো আলুখিনি দিলো মাংসখিনি ফট ফট কৰিবলৈ ধৰোতেই ইলাচী দালচেনি দি লৰাই অলপ পানী দি সিজিলত নমাই থলো ৷

চালাদঃ-পিচ পিচকৈ তিঁয়হ, গাজৰ , পিয়াজ আৰু বিলাহী কাটি সঁজাই ওপৰতে জলকীয়া এটা দি দেখিবলৈ ধুনীয়াকৈ গোলাপৰ পাহিৰে সঁজালো ৷ চালাদৰ ওপৰত খাবৰ সময়ত নিমখ চতিয়াই ল’লো ৷

🖋️ৰুনিমিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)