নিৰ্বাচন-অলকেশ খাটনিয়াৰ

©Admin
0
এই সময় নিৰ্বাচনৰ
নিৰ্বাচনৰ গৰম বতাহ
এই গৰম বতাহত
সাধাৰণ জনতাৰ
উখল-মাখল মন।
টিকট প্ৰত্যাশী নেতাৰ
জনসাধাৰণৰ আগত
উদ্দীপ্ত ভাষণ
প্ৰতিশ্ৰুতিৰ জোৱাৰ
সেই প্ৰতিশ্ৰুতিত আত্মবিভোৰ
জনতা নিজৰ বিশ্বাসী নেতাৰ
কাষৰত ভিৰ।
সকলো একত্ৰিত হৈ নিজৰ
পছন্দৰ প্ৰাৰ্থীক জিকাবলৈ
যৎপৰোনাস্তি চেষ্টা
এয়াই নিৰ্বাচনৰ গৰম খবৰ।

✍️অলকেশ খাটনিয়াৰ
     গাঁও-কালজাৰ
     জিলা-বৰপেটা
     পিন নং-৭৮১৩১৬
  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)