তুমিহীনতাৰ বেজাৰত ক্ষিপ্ত মোৰ হৃদয়ৰ খৰস্ৰোতা।
কেতেকীও চোন আজি আমুৱাই,
মৰহি যোৱা পাহীবোৰৰ দৰেই মোৰ স্বপ্নবোৰ।
অনৰ্গল মোৰ তুমি তুমি কবিতা,
অবাধ মোৰ তুমি তুমি বাক,
অস্তিত্বহীন জীৱনৰ কাঁইটীয়া শৰণিত
ৰিক্ত ব্যোম, মোৰ চিত্ৰপত।
অন্তহীন জঞ্জাল, নিৰ্লিপ্ত জীৱন,
ক্লান্ত গাত্ৰ, তাত কৰ্ম অৱপীড়ন।
কেনেবা আছিল তোমাৰ মায়া,
আঁজুৰি মোহৰি পলাব নোৱাৰা,
নিতান্তে চিকুনাই চিদাঙ্গ বাটিকা,
অজ্ঞাতে এৰিলো তোমাৰ প্ৰেমৰ গহৰা।
অলৰ মগজু তোমাৰ বিশ্ৰম্ভ সুঁতিত,
জুৰুলি হৈ পৰিলো আগল দ্ৰুতিত।
উলাই কৰি মোৰ অভীপ্সা ফুলময়,
উভঞ্জী পেলালা আশয়ৰ কিশলয়।
আথানৰ পৰ্ণাস লেৰেলি গ'ল
কোৰোনাৰে চপালোঁ ভগা হিয়াৰ চূৰ্ণ,
হেঁকেচা বিধিৰ হেঁকেচা লিখনিত
বোকাত মোৰ অভ্ৰভেদী গৰ্ব।
✍️ প্ৰাঞ্জল শৰ্মা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ