মোৰ গাওঁ মোৰ মানুহ(ত্ৰিমূৰ্তি)-চুমিন্দ্ৰ চৌধুৰী

১৯৮৫ চন মানৰ কথা হ'ব ৷ পিয়লি নামৰ জাহাজখন চলা দিনৰ কাহিনী ৷ জাহাজঘাটত ৰবাব টেঙাৰে ফুটবল খেলাৰ পাছত লগৰ সমনীয়াৰ লগত আহি সন্ধিয়া চৌকামূৰ পালোহি ৷ আনন্দৰাম পুথিভঁৰালৰ সন্মুখত সীমা বিবাদৰ কিবা মেল বহিছে ৷ কাজিয়া পেছালৰ মেল-মিটিঙ আদি শুনিবলৈ যোৱাটো আমাৰ কাৰণে নিষেধ আছিল ৷ দেউতা মাষ্টৰ আছিল ৷ শাসন কঠোৰ আৰু শাস্তি কাঢ়া আছিল ৷ কিবা জগৰ লাগিলে শাস্তি আৰু গালি কেইবাদিনলৈ জাৰী থাকে ৷ যাম নাযাম কৈ ভাবি থাকোতেই লগৰ মাণিকে মেললৈ লৈ গ'ল ৷
মেলত গোচৰীয়া আৰু পদকীয়াৰ তুমুল বাদ- বিবাদ চলি আছিল ৷ আমি দুটাই ভিৰৰ মাজত বহি মেলৰ মজা ল'ব ধৰিলো ৷ 
  সেই মেলখন আঁত ধৰা তিনিজন কাণ্ডাৰীৰ কথা আজিও মোৰ মনত আছে ৷ তেওঁলোকৰ বাকপটুতা, সামাজিক আৰু মানৱয় দায়িত্ববোধৰ গভীৰতাই মোৰ কোমল মনক বহুত প্ৰভাৱান্বিত কৰি পেলাইছিল ৷ তেওঁলোক তিনিওজনে তিনিটা বিশেষ ভূমিকা লৈ সেই সীমা বিবাদকলৈ সংঘটিত হোৱা কাজিয়াখন সম্পূৰ্ণ চতুৰতাৰে সেই দিনাখন মিটমাট কৰি পেলাইছিল ৷
প্ৰথমতে বগা ফুকন বৰতাই দুয়ো পক্ষৰে হৈ বিনা পক্ষপাতিত্বমূলক মেলৰ আঁত ধৰি গৈছিল ৷ তৰ্ক বিতৰ্ক হৈ-চৈ আদিতো বিচলিত নহৈ তেওঁ শান্তভাৱে ধৈৰ্য্য সহকাৰে নিজৰ দায়িত্ব পালন কৰি গৈছিল ৷
ভূমি বৰপিতা, যাৰ মুখৰ সলসলীয়া ডাকৰ বচন আৰু উপমাই সমাজৰ মেল-মিটিঙবোৰ উষ্ম কৰি ৰাখিছিল ৷ সেই ভূমি বৰপিতাই এজন সুদক্ষ উকীলৰ দৰে গোচৰীয়া পদকীয়াক এফালৰ পৰা জেৰা কৰি গৈছিল ৷ বৰপিতাৰ জেৰাৰ কোবত দোষীয়ে নিজৰ দোষ স্বীকাৰ কৰিব বাধ্য হৈ পৰিছিল ৷
 তৃতীয়জন লেখাৰু বৰপিতা যিজন আছিল মেলখনৰ মুখ্য কৰ্ণধাৰ ৷ বৰ পিতাই গলটো খেকাৰি মাৰি যেতিয়া অন্তিম ৰায়দান দিব লৈছিল গিজগিজাই থকা মেলৰ মানুহ খিনি নিতাল মাৰিছিল ৷ নানান উপদেশ আৰু উপমাৰে বৰপিতাই সেইদিনাখনৰ বিবাদ মোকাবিলা কৰিছিলি ৷ তেওঁ ৰায়দান গোচৰীয়া পদকীয়া দুয়ো পক্ষই নতশিৰে মানি ল'বলৈ বাধ্য হৈছিল ৷ তেওঁ কুৰুৱা অঞ্চলৰ এজন বিচক্ষষণ মেলৰ মেনা বুলি পৰিচিত আছিল ৷ এই তিনিজন বিশেষ ব্যক্তিৰ তিনিটা বিশেষ গুণত পাছশৈ মই অনুধাৱন কৰি উলিয়াইছিলো যিকেইটা মই আজি মোৰ কৰপোৰেট প্ৰফেচনত কিছুমান অন্তিম সিদ্ধান্তৰ বাবে Decision Making tools হিচাপে ব্যৱহাৰ কৰি বহুত উপকৃত হৈছো ৷ সেই কেইটা হ'ল -
১৷ শ্ৰবণ সক্ষমতা ( listening abilities): সিদ্ধান্ত লোৱাৰ আগতে বিষয় বস্তু ভালদৰে শুনা আৰু বুজা৷
২ ৷ বিনা পক্ষপাতিত্ব : ( No partiality) : বিনা পক্ষপাতিত্বমূলক সিদ্ধান্ত লোৱাটো এজন বিচাৰক অথবা দলনেতাৰ কাৰণে কঠিন দায়িত্ব ৷ বিনা পক্ষপাতিত্বমূলক সিদ্ধান্তৰ বাবেহে এজন বিচাৰক সকলোৰে কাৰণে বিশ্বাস আৰু ভাৰসাৰ কাৰণ হৈ পৰে ৷
৩৷ প্ৰত্যয়কজন গুণ ( Convincing quality) : গোচৰীয়া পদকীয়াৰ লগতে এখন সমাজৰ মানুহক বাকপটুতাৰে নিজৰ ৰায়দানত প্ৰত্যয় নিয়াব পৰাটো এজন বিচাৰকৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় গুণ ৷
  সকলোতকৈ ডাঙৰ কথাটো হ'ল তেতিয়াৰ কুৰুৱাৰ সমাজ ব্যৱস্থা, সৰুৰ ডাঙৰৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ডাঙৰৰ সৰুৰ প্ৰতি থকা স্নেহ ৷ দুৰ্ভাগ্যজনক কথাটো হ'ল আমি সেই শৃংখলাবদ্ধ সমাজ ব্যৱস্থাৰ পৰা লাহে লাহে আঁতৰি আহিব ধৰিছো ৷ সময় এতিয়াও আছে ৷ আহকচোন মোৰ গাওঁৰ মোৰ মানুহ বোৰৰ মাজৰ সেই অখ্যাত লোকৰ বিখ্যাত গুণবোৰ ফহিয়াই দেখুৱাই আমাৰ নৱ প্ৰজন্মক আগবাঢ়ি যোৱাত সহায় কৰো ৷

বি:দ্ৰ: আগৰ খণ্ডত পঢ়িবলৈ পাব মাতৃভক্তি ৷

✍️চুমিন্দ্ৰ চৌধুৰী
 নতুন দিল্লী ৷


Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send