অণুগল্প-স্বাধীনতা-পৰেশ দাস

Rinku Rajowar
0
১৫ আগষ্টৰ দিনাখন মাজনীৰ মাকে নাৰী সবলীকৰণ, সমতা, স্বাধীনতা সম্পৰ্কে ভাষণ দি গৈছে। সেই ভাষণ মাজনীয়েও শুনিছিল আৰু যথেষ্ট আনন্দ পাইছিল। কেইদিনমানৰ পাছত সন্ধ্যা সময়ত মাজনী দোকানলৈ বুলি ওলাই যাব খোজাত মাকে তাইক বাধা দিলে। সন্ধ্যা সময়ত মহিলা এনেকৈ ওলাই যাব নাপায় বুলি কোৱাত সমতাৰ কথা কোৱা সেইদিনাৰ মাকৰ মুখখন তাইৰ চকুৰ আগত অহৰহ ভাঁহি থাকিল !

🖋️পৰেশ দাস,ঢকুৱাখনা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)