সন্ত শিৰোমণি ৰবিদাস দেৱ আৰু গান্ধীজী-পঙ্কজ ৰবিদাস

Rinku Rajowar
0
মাঘী পূৰ্ণিমা তিথিত সন্ত শিৰোমণি গুৰু ৰবিদাস দেৱৰ জন্ম হৈছিল। সেয়ে ২৭ ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় ভাৱে গুৰুজনাৰ জন্ম স্হান কাশীত জন্মোৎসৱ উদযাপনৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। আমাৰ অসমৰ বিভিন্ন অঞ্চলতো তেখেতৰ অনুগামী সকলৰ দ্বাৰা গুৰুজনাৰ জন্মোৎসৱ উদযাপনৰ বাবে আয়োজন কৰিছে। আগতীয়াকৈ দেশৰ ৰাজধানী নতুন দিল্লীৰ বিজ্ঞান ভৱনতো গুৰু ৰবিদাস বিশ্ব মহাপীঠ নামৰ সমিতিৰ দ্বাৰা গুৰুজনাৰ জন্মোৎসৱৰ লগতে সমিতিৰ চতুৰ্থ অধিবেশনৰ উদ্ধোধন  দেশৰ মহামহিম ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ দেৱে বন্তি জ্বলাই কৰে। গুৰু ৰবিদাস দেৱ হ'ল শোষিত পদদলিত আৰু বঞ্চিত শ্ৰেণীৰ প্ৰতিনিধি। তেওঁক সাধাৰণ লোকৰ মুক্তিদাতা আৰু ৰাষ্ট্ৰীয় সংহতিৰ তাৰকা বুলি কোৱা হয়। গুৰু ৰবিদাস দেৱ সমাজৰ তথাকথিত নীচ বৰ্ণৰ লোক আছিল। আৰু তেওঁৰ পৰিয়ালৰ ব্যৱসায় আছিল বোজা বহনকাৰী ঘোঁৰাৰ জিন, লাকাম আদি তৈয়াৰ কৰা।                                                       গুৰুজনাৰ জন্মচন সম্পৰ্কে মতভেদ থাকিলেও পৰম্পৰাগত ভাবে তেখেতৰ জন্মচন ১৩৭৭ বুলি ধৰি অহা হৈছে। উত্তৰ ভাৰতত প্ৰচলিত বিক্ৰী চম্বত বৰ্ষমতে ১৪৩৩ চম্বত। এই গুৰু ৰবিদাস দেৱৰ নীতি আদৰ্শ তথা বাণীসমূহৰ দ্বাৰা ভাৰতৰত্ন বাবাচাহেৱ ড০ ভীমৰাও আম্বেদকাৰ আৰু জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী বাৰুকৈয়ে প্ৰভাৱিত হৈছিল। গুৰুজনাৰ সাম্য, মৈত্ৰি, ধৰ্ম নিৰপেক্ষতাৰ বাণীসমূহ আমাৰ সংবিধানৰ প্ৰস্তাৱনাত থকা নীতি নিৰ্দেশনাত প্ৰতিফলিত হৈছে। গান্ধীজীৰ স্বাধীনতাৰ মন্ত্ৰ, ধৰ্ম নিৰপেক্ষবাদ, অহিংসাৰ বাণী, সাম্যবাদ, মানৱতাবাদ, কৰ্তব্য নিষ্ঠা, সৰল জীৱন যাপন আৰু ঈশ্বৰ ভক্তি আদি চতুৰ্দশ-পঞ্চদশ শতিকাতেই নিজৰ বাণীৰ যোগেদি প্ৰচাৰ কৰিছিল। স্বাধীনতাৰ প্ৰসঙ্গত গুৰুজনাই কৈছিল- "পৰাধীনতা পাপ হে, জান লেহুৰে মিত। ৰবিদাস দাস প্ৰাধীন, কৌন কৰে হেই প্ৰীত।" পৰাধীনতাক পাপ বুলি কৈ স্বাধীনতাৰ জয়গান গাই মানুহক স্বাধীনভাৱে মত প্ৰকাশ কৰি স্বাধীনভাৱে জীৱন নিৰ্বাহ কৰাৰ অমোঘ মন্ত্ৰ এই বাণীতেই প্ৰতিফলিত হৈছে। আকৌ ধৰ্ম নিৰপেক্ষতাৰ প্ৰসঙ্গত গুৰুজনাই কৈছিল -"কৃষ্ণ কৰীম ৰাম হৰি ৰাঘৱ; জৱ তক এক ন দেখা। বেদ কতেব কুৰাণ পুৰাণ, সহজ এক নহিঁ দেখা।। কহে ৰবিদাস তেৰি ভগতি দূৰহে, ভাগ বড়ৈ চো পাৱে। তেজি অভিমান মেতি আপ পৰ, পিপ লক হেঁ চুনি খাৱে।।" এই সাৰমৰ্মই গান্ধীজীৰ প্ৰাৰ্থনা তো প্ৰতিধ্বনিত হোৱা যেন অনুভৱ হয়। গান্ধীজীয়ে গাইছিল -"ৰঘূপতি ৰাঘৱ ৰাজা ৰাম পতিত পাৱন চিতা ৰাম। ঈশ্বৰ আল্লা তেৰৌ নাম, সবকৌ সন্মতি দে ভগৱান।" গুৰু ৰবিদাস দেৱ অহিংসাৰ পূজাৰী আৰু মাংসহাৰৰ প্ৰৱল বিৰুদ্ধী আছিল। গুৰুজনাই কৈছিল- "জগতৰ সকলো জীৱ পৰম ব্ৰহ্মৰ অংশ আৰু সেয়ে কোনো জীৱকে হিংসা কৰা অথবা মাংস ভক্ষণ কৰা অনুচিত।" "সকলো জীৱৰ আত্মা ৰাম, জানিয়া সবাকো কৰিৱা প্ৰনাম।" বুলি অৱশ্যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ও একেই বাণীকে দোহাৰি গৈছে। গুৰু ৰবিদাস দেৱৰ অনেক বাণীৰ অহিংসাৰ মন্ত্ৰ প্ৰতিফলিত হৈছে। গান্ধীজীয়ে ও পৰৱৰ্তী পৰ্যায়ত নিৰামীষ ভোজী হৈ অহিংসাৰ আদৰ্শ সাৰোগত কৰি গৈছে।                    গীতাৰ কৰ্মযোগক মহত্ব দি গুৰু ৰবিদাস দেৱে নিজে চামৰাৰ কাম কৰি শ্ৰমক মৰ্য্যদা দিয়াৰ দৰে গান্ধীজীয়ে ও বিদেশী বস্ত্ৰ বিসৰ্জন কৰি  নিজে সূতা কাটি কাপোৰ বৈ কৰ্মযোগীৰ পৰিচয় দিছিল। গুৰুজনাৰ আচৰণত সৰলতা আৰু মধূৰতা প্ৰকাশ পাইছিল। তেখেত মানৱতা আৰু সাম্যবাদৰ প্ৰবক্তা আছিল। গুৰুজনাই অৰ্থনৈতিক সমতাৰ প্ৰসঙ্গত কৈছিল -"এইসা চাহো ৰাজ মেঁ, জহাঁ মিলে চবন কো অন্ন। চট বড় সভ সম বসে, ৰবিদাস ৰহে প্ৰসন্ন।।"                       গুৰু ৰবিদাস দেৱৰ সপোন আছিল যে কোনো প্ৰজাই যাতে ভোকত নাথাকে। ৰাষ্ট্ৰসংঘ ই খাদ্য সুৰক্ষাৰ বাবে প্ৰনয়ন কৰা আন্তৰ্জাতিক নীতিৰ লগতে আমাৰ দেশৰ অন্ন সুৰক্ষা আইনতো এই বাণীয়ে প্ৰতিফলিত হৈছে। গুৰুজনাই সম অধিকাৰ, সম মৰ্য্যদা আৰু উচ্চ-নীচৰ তথা জাত পাতৰ বিৰুদ্ধিতা কৰাৰ দৰে গান্ধীজীয়ে ও একেই উদ্দেশ্যে অৱহেলিত সকলৰ উত্থানৰ বাবে সংগ্ৰাম কৰিছিল। সেয়েহে ক'ব পাৰি যে মধ্য যুগৰ এই গুৰু ৰবিদাস দেৱৰ নীতি আদৰ্শৰে আম্বেদকাৰজীৰ লগতে গান্ধীজী অনুপ্ৰাণিত আৰু প্ৰভাৱিত হৈছিল।।

🖋️পঙ্কজ ৰবিদাস,তিনিচুকীয়া                               ‌ ‌       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)