নৰ অসুৰ - চুটিগল্প~অংশুমান বড়া

©Admin
0
"মা,মা. . . . ফোনতনো মাহীৰ সৈতে কাৰ কথা পাতি আছিলা?" ৯ বছৰীয়া যীচুৱে মাক পৰীক সুধিলে।
      "দেউতাৰৰ কথাকে পাতিছিলোঁ‌ ৰহ্।" এটা হুমুনিয়াহ কাঢ়ি পৰীয়ে উত্তৰ দিলে।
      "কিনো সেই অসুৰটোক 'দেউতা' 'দেউতা' বুলি কৈ থাকানো?" যীচুৰ কণমানি দুচকুত পৰীয়ে দেখিছিল ক্ৰোধ আৰু ঘৃণাৰ অগনি।
      পৰীৰ মন অতীতলৈ উৰা মাৰিছিল। প্ৰতি নিশা নৰৰূপী অসুৰটোৰ মাকৰ ওপৰত চলা অত্যাচাৰ দেখি ঘৰৰ এচুকত সন্ত্ৰস্ত হৈ সোমাই আছিল যীচু।
     আৱেগেৰে যীচুক বুকুৰ মাজত সাৱটি ল'লে। এসোঁ‌তা চকুলো বাগৰি আহি যীচুৰ কপালত পৰিল।

🖋️অংশুমান ভূঞা
চামতা,নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)