চুটিগল্প-মোহভংগ-চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
0
অৰুণে পত্নী সূলচনাৰ চকুৰ আঁৰে আঁৰে চেগাছোৰোকা কৈ  মোবাইল ফোনটো হাতত লৈ মেচেন্জাৰ বক্স টো চেক কৰি আছে ৷ নাই,  এতিয়ালৈ দেখোন একো উত্তৰ নাই ৷ পাহৰিলেই নেকি তাই ? এটা যুগৰ অন্তত আজি হঠাত লগ পোৱাৰ পাছত তাৰ হৃদয়খনে কৰাৰ দৰে অঞ্জলীৰ হৃদয়খনেও বাৰু উছাতন  কৰা নাই নেকি  ? তেন্তে তাক আজি দেখা মাত্ৰকেই তাইৰ চকুৰ কোণত প্ৰকাশ পোৱা ভাবৰ জিকমিকনিবোৰ আৰু  পুৰণিতে কৰা অভিমানৰ পুনৰাবৃত্তি সমূহ কি আছিল ৷ ঘৰলৈ আহি সূলচনাক অঞ্জলিক লগ পোৱাৰ কথা কওতে তাই খুব এটা গুৰুত্ব নেদেখুৱাই মাথো গহীন হৈ কলে, ফৰিঙৰ স্বভাৱ ক'ত যাব ৷ ল'ৰা-ছোৱালী হাইস্কুল পালেগৈ ৷ পুৰণা প্ৰেমিকাক লগ পাই গা সাতখন আঠখন হোৱাৰ কোনো দৰকাৰ নাই ৷ মতা মানুহ চবৰ স্বভাৱ জনা আছে ৷
সূলচনাৰ উত্তৰ শুনি অৰুণৰ মনত ফুৰফুৰাই থকা ফূৰ্তি কন ম্লান পৰি গ'ল ৷ কাৰোবাৰ লগত কথা পাতিলেই  বা কাৰোবাক লগ কৰিলেই মানুহৰ চৰিত্ৰৰ পতন ঘটে নে কিবা?  সূলচনাৰ এনে ধৰণৰ চিন্তাধাৰাত অৰুণ কেতিয়াবা অতিষ্ঠ হৈ পৰে ৷ সেই লৈয়ে দুয়োটাৰ মাজত খুটখাট নলগাও নহয় ৷ সেই কাৰণে কথাত কথা বঢ়াই  নেথাকি অৰুণ সান্ধ্য ভ্ৰমণৰ বাবে ওলাই গ'ল ৷ সেই সান্ধ্য ভ্ৰমণৰ সময়তে বহু প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত তাৰ মেচেন্জাৰ বক্সত অঞ্জলীৰ মেচেজৰ,বন্যা নামি আহিল ৷ সেই একেই  অভিমান আৰু আবেদনৰ পুৰণি গোন্ধ সনা মেচেজ ৷ মেচেজবোৰৰ সুবাসে তাৰ মনত এক অনাবিল আনন্দৰ জোৱাৰ তুলিব ধৰিলে ৷ তাৰ মনৰ গোপন অভিলাষ চাগে অঞ্জলীৰ অৱগত আছিল ৷ কাইলৈ আন্তৰ্জাতিক নাৰী দিৱস, গতিকে অফিচ চুটীৰ পাছত সন্ধিয়া দুয়োটাই  কাফে কফি ডেত লগ পোৱাৰ সিদ্ধান্ত ল'লে ৷ অৰুণৰ মনত এক বুজাব নোৱাৰা ভাবৰ বুৰবুৰণি উদয় হ'ল ৷ বহু উদিগ্নতাৰে অঞ্জলীক লগ পাবলৈ সূলচনাৰ চকুত ধৰা নপৰাকৈ সি অধীৰ হৈ থাকিল ৷ 
  আনদিনাতকৈ  ৰাতিপুৱা সোনকালে উঠি আলমাৰিৰ পৰা এযোৰ নতুন কাপোৰ উলিয়াই পিন্ধি  অৰুণে পুৱাৰ সাজ নাকে কাণে গুজি অফিছ পালেগৈ ৷ বছে দিয়া কামখিনি সোনকালে কৰি আজৰি হৈ সি দুপৰীয়াৰ আহাৰৰ চুটীৰ সময়ত গৈ  অঞ্জলীৰ কাৰণে কিবা এটা উপহাৰ কিনি আনিব বুলি ভাবিলে ৷ টুইট টুইট কৈ মেচেন্জাৰত মেচেজ সোমোৱাৰ ৰিংটনটো শুনি সি অঞ্জলিৰ মেচেজ অহা বুলি খপজপাই ফোনটো হাতত লৈ দেখিলে জীয়ৰী দিশাৰ মেচেজ ৷ মেচেজটো পাছত পঢ়িব বুলি অৰুণে পুনৰ কামত হাত দিলে ৷
ক্রিং ক্রিং কৈ ফোনটো বাজি উঠাত অঞ্জলীৰ ফোন বুলি উধাতু খাই অৰুনে ফোন টো লৈ দেখিলে দিশাৰ ফোন ৷ কামৰ মাজত ফোনটো কাটি দিয়াত দিশাৰ পৰা ওৱাটচাপ মেচেজ আহিল,  দেউতা তুমি আজি প্ৰেচাৰৰ টেবলেট  খাই যোৱা নাই ৷ পাছত খাই ল'বা দেই ৷ 
অৰুণে ধন্যবাদ জনাই দিশালৈ এটা স্মাইলি (🥰)পঠিয়াই দি পুনৰ কামত মন দিলে ৷
  অৰুণে হাতৰ ঘড়ীটোলৈ চাই দেখিলে ১টা বাজিবৰ হল ৷ সি অঞ্জলীৰ বাবে উপহাৰ এটা আনিবলৈ বুলি সাজু হওঁতেই ৰিচেপচনিষ্ট জনীয়ে ফোন কৰি জনালে চাৰ মেডাম আহিছে আপোনাক লগ কৰিবলৈ ৷ অঞ্জলীক সি আবেলিহে লগ কৰা কথা আছিল ৷ তাই আকৌ হঠাৎ তাৰ অফিচ পালেহি কিয় বুলি মনতে ভাবি ৰিচেপচন পালেগৈ ৷ হাৰে ৰিচেপচনত দেখোন সূলচনাহে বহি আছে ৷ তাইটো কেতিয়াও তাৰ অফিচলৈ নাহে ৷ নিশ্চয় অঞ্জলীক সি ল'গ কৰিব যাব বুলি সন্দেহ কৰিয়েই অফিচ পাইছেহি ৷ পেটে পেটে তাৰ খুব খং উঠিছিল যদিও অফিছত একো নাটকীয় পৰিস্থিতিৰ সৃষ্টি নহওঁক বুলিয়েই সহজ ভাবেই সূলচনাৰ কাষ পালেগৈ ৷
তুমি টিফিন বক্স আৰু প্ৰেচাৰৰ টেবলেট দুটা ঘৰতেই এৰি আহিলা ৷ ভাতখাবলৈ টেবুলত বহিয়েই দেখি মনটো বৰ বেয়া লাগিল কাৰণে চিধাই অফিচ'লৈকে গুছি আহিলো ৷ 
সূলচনাৰ হাতৰ পৰা টিফিন বক্সটো লৈ অৰুণে অফিচৰ ড্ৰাইভাৰজনক সূলচনাক নমাই থৈ আহিবলৈ দিলে ৷ সূলচনা যোৱাৰ পাছত অৰুণৰ মনত দিশা আৰু সূলচনাৰ কথা ভাবি বহুত অনুশোচনা জাগিল ৷ কেবিনত সোমাই সি তাই গৈ ঘৰ নোপোৱালৈকে ফোনত কথা পাতি থাকিল ৷ তাই মুখ হাত,ধুই ভাতৰ পাতত নবহালৈকে সিওঁ টিফিন নুখুলিলে ৷

কিবা অলপ চিন্তা কৰি সি অফিছৰ পৰা সোনকালে ওলাই গিফ্টকৰ্ণাৰ খনলৈ গৈ মৰমৰ আৰু আদৰৰ সূলচনা আৰু দিশাৰ কাৰণে আন্তৰ্জাতিক নাৰী দিৱস বুলি দুটা উপহাৰ কিনি ঘৰমুৱা হ'ল ৷ বাটতে সি  কিবা জৰুৰী কামত কৰবালৈ যাব লগীয়া হোৱাৰ বাবে অঞ্জলীক লগ কৰিব নোৱাৰিব বুলি মেচেন্জাৰত মেচেজ এটা দি তাইৰ নম্বৰটো  ফোনৰ পৰা গুচাই দিলে ৷


🖋️চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)