পৰিৱৰ্তন~চুটিগল্প-ববিতা শইকীয়া

নিশা যিমান গভীৰ হৈ আহিল বুঢ়ালুইতৰ মথাউৰিটোৱে আৰু ভয়ংকৰকৈ চিঞৰি উঠিল।পানীৰ সোঁত দূৰৈৰ পৰা স্পষ্ট হৈ আহিল। বাসৱীক কিন্তু আজি একো ভয়ে কন্দুৱাব নোৱাৰিলে।এটাই সিদ্ধান্ত তাই মৃত্যু আহিলেও তাই স্কুলখন এৰি থৈ নাযায়।তথাপিও বুকুৰ আমঠু আবিৰৰ কাৰণে তাইৰ বুকু খন বিষাই উঠিল, তাৰনো কি দোষ ! নিৰূপাই হৈ তাই থমকি ৰ'ল। গুণকাই তাইক টানি আজুৰি নাওঁত উঠাব নোৱাৰিলে।মনতে শংকা ও আহিল ... হাৰি যাব নেকি তাই জীৱনৰ যুদ্ধ খন।
বহুত ভালপাইছিল তাই সীমান্তক।ভবা নাছিল তাইৰ নিঃস্বাৰ্থ ভালপোৱা খিনিত সি গ্ৰহণ লগাব।কলেজীয়া শিক্ষা দুয়ো একেলগে সমাপ্ত কৰিছিল।ভাগ্যই দুয়োকে দুটা চাকৰিও দিছিল।কিন্তু সীমান্ত ই তাইক বিয়াৰ পিছত চাকৰি কৰিব দিয়া নিদিলে।দুয়োৰে প্ৰেম ভালপোৱাৰ স্বীকৃতি দিবলৈ একমাত্ৰ পুত্ৰ আবিৰ ৰ আগমন হ'ল। বছৰি হোৱা বানৰ তাণ্ডৱ ৰ পৰা বাচিবলৈ সীমান্তই উজনীত মাটি অকণমান ললে।বিধিয়ে দিলেও বিধাতা ই নিদিয়ে।সীমান্তৰ পৰিৱৰ্তন বোৰে তাইৰ মনত সন্দেহ সৃষ্টি কৰিব ধৰিলে লাহে লাহে।তাইৰ লগতো প্ৰায়ে কাজিয়া কৰিব ধৰিলে।আবিৰলৈও তাৰ মৰম বোৰ কমি আহিল।হঠাৎ এদিন সি তাইৰ বুকুতেই কামোৰ মাৰিলে,.. তাৰ একে অফিচৰ সহপাঠী এগৰাকীৰ লগত একে লগে থাকিবলৈ ললে। আৰু এমাহ দুমাহ কৰি বছৰ বাগৰিল কিন্তু কোনো দিন তাইৰ ওচৰত নাহিল।
বহুত কষ্ট আৰু গুণ কাই উপকাৰত আবিৰ আজি ১০ বছৰত ভৰি দিলে। গুণ কাই সহায়ত তাই গাওঁতে এখন স্কুল খুলিলে কেইবছৰ মানৰ মূৰত স্কুল খন চৰকাৰী কৰন হল আৰু তাই সেই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী। গুণকাই তাইক মাটিখিনি দিছিল স্কুল খুলিবলৈ। তেওঁ সেই স্কুলৰ চকীদাৰ।
লাহে লাহে নিশাও গভীৰ হৈ আহিল, পানী ও শান্ত হোৱাৰ জাননী দিলে।দূৰৈ পৰা এখন টুলুঙা নাওঁ অহা দেখা পালে তাই , হয়তো গুণকাই... কিন্তু মাততো চোন চিনাকি চিনাকি যেন লাগিল .... সীমান্তৰ মাত। তাইৰ আজি তাৰ ওপৰতহে পুতৌ জন্মিল। তাৰ যে চাকৰিটো বহুত দিনৰ আগতেই গল তাই গম পাইছিল। তাই কোনো সঁহাৰি নাপাই চাকিৰ পোহৰৰ অনুমানত সি তাইৰ ওচৰ পালেহি। গুণকাই ও তাৰ দূৰৈ পৰা চিঞৰি তাইক খং ত কলে" ককায়েৰৰ ৰূপ আজি দেখিবি তই, ভালে ভালে নাওঁ ত উঠ তই মোৰ জী মোৰ ভনী হয় নিদিওঁ নিদিও তোক মৰিবলৈ।" 
চকুৰ পানী বৈ আহিল তাইৰ, আবিৰৰ হাতত ধৰি গুণ কাই নাওঁ খনলৈ চাই ৰল তাই পাহৰি গল তাইৰ কাষত যে সীমান্ত তাইক নিবলৈ ৰৈ আছিল.....

✍️ববিতা শইকীয়া
দেৰগাঁও।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send