সাগৰ -মহাসাগৰৰ মাজত পৰি
নদী আৰু জান-জুৰিয়ে খাই হাবাথুৰি।
শূন্যময় হাত মেলি মাগো আজি
ক্ষুধাৰ তৃষ্ণাৰ তৃপ্তি বিচাৰি।
কেতিয়াবা সাগৰেও মহাসাগৰৰ
দৃষ্টিত পতিত হৈ টুকুৰা টুকুৰ হৈ যায়!
ৰুদ্ধ সমাজৰ স্তব্ধ সময়ৰ দৌৰাত্ম্যত...
থানবান হৈ নিস্তেজ ৰূপত মহাসাগৰৰ
তিৰতে লয় স্হিতি!!লয় নিজাকাৰৰ...
জান-জুৰিয়েও সাগৰৰ ঢৌত পায় নৱপ্ৰাণ।
নিস্তেজিত সাগৰৰ মোহনাত জমা হোৱা
শিল,বালি,হীৰা,মুকুতা,সোণ,ৰূপবোৰ...
সেই সাগৰৰ বুকুৰ পৰা গৰকি খহি পৰে জহি-খহি!
ধ্বংসস্তুপত ৰূপান্তৰ হয় সেই দৌৰাত্ম্যৰ!
দৌৰাত্ম্যৰ ধ্বংসাৱশেষত মহাসাগৰৰ অংশবিশেষ...
সামুদ্ৰিক ভাৱপন্ন দৃষ্টিভংগীৰ পৃষ্ঠাখন বৰ খহটা...
আকৃতিৰ দিশৰ অকৃতিময় ইয়াৰ স্হিতিৰ লয়!
✍️যুগল কিশোৰ শৰ্মা
কামৰূপ মহাবিদ্যালয়, চামতা
নলবাৰী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ