বিনামূলীয়া শিক্ষাব্যৱস্থা আৰু আমাৰ ভৱিষ্যত ০২-হেমেন হাজৰিকা

Rinku Rajowar
0

( যোৱা সংখ্যাৰ পিছৰ পৰা )

ভাৰতলৈ আহিয়েই লৰ্ড মেকলে চাহাবে ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি অধ্যয়ন কৰি ১৮৩৫ চনৰ ২ ফ্ৰেব্ৰুৱাৰীত তেখেতৰ মতামত প্ৰতিবেদন আকাৰে গবৰ্ণৰ জেনেৰেল লৰ্ড বেণ্টিকৰ হাতত অৰ্পন কৰে | ভাৰতৰ অৰ্থ - ৰাজনৈতিক তথ্য সামাজিক জীৱন অধ্যয়ন কৰি মেকলে চাহাবে বুজি পাইছিল যে, যি উদ্দেশ্য লৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষক নিজৰ দখললৈ আনিছিল, সেই দখলকাৰী ইংৰাজৰ হাতত চিৰদিনৰ বাবে ৰাখিবলৈ হ'লে এমুঠি বগা চাহাব আৰু এটা স-শস্ত্ৰ বাহিনীয়েই যথেষ্ট নহয়। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইংলেণ্ডৰ পুঁজিপতি , শিল্পপতি , সকলৰ দ্বাৰা উৎপাদিত পণ্য সামগ্ৰীৰ  বিশাল বজাৰ আৰু কেঁচামালৰ উৎস হিচাবে ভাৰতবৰ্ষক গণ্য কৰিছিল। এনে এখন বিশাল ভাৰতবৰ্ষক চিৰদিনলৈ গোলামীৰ নাগপাশত ৰাখিবলৈ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এমুঠি বগা চাহাবৰ লগতে হাজাৰ হাজাৰ দেশীয় ক'লা চাহাবৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিয়েই লৰ্ড মেকলেই এক বিস্তৃত শিক্ষানীতিৰ প্ৰস্তুত কৰি উলিয়াইছিল। য'ত ভৱিষ্যত ভাৰতবৰ্ষৰ শিক্ষাৰ ধাৰণা , লক্ষ্য , বিষয়বস্তু আৰু শিক্ষাৰ মাধ্যম স্পষ্ট ভাৱে উল্লেখ আছিল | 
    ভাৰতবৰ্ষত ইংৰাজী শিক্ষাৰ আৰু মাধ্যমৰ সপক্ষে যুক্তি দৰ্শাই লৰ্ড মেকলেই আনকি ভাৰতীয় ভাষাৰ মাধ্যমত চলি থকা শিক্ষানুষ্ঠান সমূহ বন্ধ কৰি দিয়া উচিত বুলিও মন্তব্য আগবঢ়াইছিল। শিক্ষাৰ ক্ষেত্ৰত মেকলেই নিম্ন পৰিশ্ৰাৱণ নীতি ( Downward Filltaration Theory) সমৰ্থন কৰিছিল। মেকলেৰ মতে ভাৰতবৰ্ষৰ সকলো মানুহকে একেলগে শিক্ষা দিয়াটো সম্ভৱপৰ নহয়। তেওঁৰ মতে প্ৰথমতে উচ্চ শ্ৰেণীৰ এটা অংশক ইংৰাজী শিক্ষা দিব লাগিব যি সকলোৰে হব তেজ মঙহেৰে ভাৰতীয় কিন্তু ভাৱ-ভংগী মতাদৰ্শ নৈতিকতা আৰু বুদ্ধিমত্তাৰ ফালৰ পৰা ইংৰাজ। ( A Class of persons Indian by blood  and colour , but English in taste,  in oppositions,  in needs and in intellect) এই লোকসকলক উচ্চ দৰমহা , উচ্চ পদবী , উচ্চ উপাধি , উচ্চ পুৰষ্কাৰ , বিলাতত শিক্ষাৰ সুবিধা ইত্যাদি দিলে তেওঁলেকে সদায় বিট্ৰিছ সাম্ৰাজ্য বাদৰ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ স্বাৰ্থত কাম কৰিব আৰু ভাৰতৰ জাতীয় মুক্তি আন্দোলনক সমৰ্থন নিদিব, পাৰিলে সমৰ্থন কৰাৰ ছলেৰে বিশ্বাসঘাতকতাহে কৰিব। 

আগলৈ....

         🖋️হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)