মৰমিয়াল ডাক্তৰজন~আমাৰ গাওঁ আমাৰ চহৰ-চুমিন্দ্ৰ চৌধুৰী

উপৰ কুৰুৱাৰ বুৰ্জ শিলৰ লগতে লাগি থকা পাহাৰৰ কাষৰ চৰকাৰী হাস্পতালখন এটা সময়ত ফুলুং, বাকা,লেঙা,একচেলিয়া, কলিতাপাৰা , টেকেলীয়াকুৰ গ্ৰান্ট, খলিহৈ আৰু বমন এই বৃহৎ অঞ্চলটোৰ মানুহৰ কাৰণে একমাত্ৰ ভাৰসাৰ থলী আছিল ৷ আমাৰ শৈশৱৰ কালছোৱাত কিবা বেমাৰ আজাৰ হ'লে আমাক মা-দেউতাই সেই হাস্পতাললৈ পঠিয়াই দিয়ে ৷ সৰুতে মই এনেয়ো অলপ বেমাৰী আছিলো ৷ এলপ ঠাণ্ডা লাগিলেই মোৰ কাহ্ আৰু জ্বৰ হৈছিল ৷ তাতে গৰমৰ দিনত সন্ধিয়া সময়ত মনে মনে মহাবাহুৰ বুকুত লগৰীয়াৰ সতে নাঙঠ হৈ গা ধোৱাৰ উৎপাতবোৰো কম নাছিল ৷ ধৰা পৰাৰ ভয়ত ঘৰৰ পৰা গামোচা তিয়নি আদি নিয়াৰো উপায় নাছিল ৷ গতিকে গা ধোৱাৰ পাছত সন্ধিয়াৰ আন্ধাৰত নাঙঠ হৈ নদীৰ পাৰৰ বতাহত তিতা গা শুকুৱাই সঘনে জ্বৰত ভুগিছিলো ৷ সেই কাৰণে হাস্পতালখনলৈ মোৰ সঘনে আহ্ যাহো ঘটিছিল ৷
হাস্পতালখনত থকা তিতা মিঠা ঔষধ ভৰি থকা প্ৰকাণ্ড প্ৰকাণ্ড বটল কেইটা , জোখমাখ কৰিবলৈ ৰখা সৰু সৰু কাচৰ চেৰী কেইটা আৰু মৰম লগা পিপা কেইটা মোৰ কাৰণে বহু আকৰ্ষণীয় বস্ত আছিল ৷ তাতোকৈও আকৰ্ষণীয় আছিল মামৰু কাকা নামৰ ব্যক্তিজন ৷ তেওঁ জন্মগত বেঁকা হাত দুখনেদি কায়দা কৰি অকণো কষ্ট নোপোৱাকৈ ৰোগীক বেজি দিয়াত সিদ্ধহস্ত আছিল ৷ এবাৰ মোৰ কাণত সোমাই থকা ধান এটাও তেওঁ বেজিৰে পানী মাৰি মাৰি উলিয়াই দিছিল ৷
 হাস্পতাল খনত বহু দিনলৈ আমি ডাক্তৰ দেখাই নাছিলো ৷ মামৰু কাকা আৰু কম্পাউণ্ডাৰ কালিৰাম খুৰাই আছিল সকলো ৰোগীৰ আশা ভাৰসাৰ সম্বল ৷ কালিৰাম খুৰাই গোল ষ্টাম্প এটা মাৰি অঁকোৱা পঁকোৱা আখৰেৰে লিখি দিয়া প্ৰেছক্ৰিপছনখন চাই মামৰু কাকাই বটলবোৰৰ পৰা চিৰাপ মিহলি কৰি বটলত ভৰাই ৰোগীক দিয়াৰ স্মৃতি মনৰ মণিকোঠাত আজিও সজীৱ হৈয়েই আছে ৷ ঔষধ আনিবৰ কাৰণে আমি ঘৰৰ পৰাই খালি বটল ধুই নিছিলো ৷ মামৰু কাকাই বনাই দিয়া সেই ঔষধবোৰো কিন্তু তেতিয়াৰ দিনত আমাৰ কাৰণে অমোঘ বানৰ দৰেই কাম দিছিল ৷
  অৱশেষত অসম আন্দোলনৰ পাছত নতুন কৈ শাসনভাৰ লোৱা অগপ চৰকাৰৰ শাসনকালত চিকিৎসালয়খনত এজন ডাক্তৰ নিয়োগ কৰা হ'ল ৷ অতি কম সময়ৰ ভিতৰতে নৱনিযুক্ত অভিজ্ঞ ডাক্তৰ হেমন্ত শৰ্মাই তেখেতৰ একাগ্ৰতা আৰু কৰ্ম নিষ্ঠাৰ বাবে গাঁওখনৰ ধনী দুখীয়া সকলোৰে হিয়াৰ আমঠু হৈ পৰিছিল ৷ চিনাকী সুত্রে আমাৰ ঘৰখনলৈকো প্ৰায়েই তেওঁৰ আহ্ যাহ ঘটিছিল ৷ আৰু ঠিক সেই সময়তে দূৰদৰ্শনত ৰামায়ণৰ সম্প্ৰচাৰ হৈছিল ৷ উপৰ কুৰুৱাত তেতিয়া টিভি আছিল মাত্র দুটাই , এটা পৰ্টেবল ক'লা-বগা টিভি সৰুধন পাইকাৰীৰ ঘৰত আৰু আনটো ডাক্তৰ হেমন্ত শৰ্মাৰ কোৱাৰ্টাৰত ৷ সৰুধন পাইকাৰীৰ ঘৰৰ চোতালত বহুত মানুহ হয় আৰু ৰ'দ পৰে ৷ সেই বাবে মোৰ প্ৰয়াত দাদা আৰু মই বুঢ়া গোসাঁই থানৰ কাষত থকা ডাক্তৰ চাৰৰ আবাসলৈ প্ৰতি ৰবিবাৰে পুৱা ৰামায়ণ চাবলৈ যাওঁ ৷ এদিন তেনেদৰে ৰামায়ণ চাই থকাৰ মাজতেই এজন মানুহে ডাক্তৰ চাৰক এমোনা পাচলি আৰু কেইটামান মূৰ্গীৰ কণী দি গ'ল ৷ ৰামায়ণ শেষ হোৱাৰ পাছত ডাক্তৰ চাৰে দাদা আৰু মোক মানুহজনে দি থৈ যোৱা কল এটা এটা খাবলৈ দি পাচলি আৰু কণী কেইটা চাৰিটা বেগত অলপ অলপ কৈ ভগাই দিবলৈ ক'লে ৷ পাচলি খিনি ভগাই দিয়াৰ পাছত মনৰ খুদুৱনি সামৰিব নোৱাৰি পাচলি আৰু কণী কাৰ কাৰণে ভগাই ল'লে সুধিয়েই পেলালো ৷ মোৰ প্ৰশ্নত ডাক্তৰ চাৰে সৰলতাৰে ক'লে কেইজনমান ৰোগীৰ কাৰণে ৷ তাহাঁতৰ কণী , পাচলি কিনিবলৈ টকা নাই ৷ যা নহওক অলপ সহায় হ'ব ৷ ডাক্তৰ চাৰৰ উত্তৰত মোৰ শিশু মনটোও অনুপ্ৰাণিত হৈ উঠিছিল ৷ পাছলৈ ডাক্তৰ চাৰৰ চিকিৎসা সেৱাৰ লগতে মানৱ সেৱাৰ নিদৰ্শন বহু চৰ্চিত হৈ পৰিছিল ৷ দুখীয়া নিচলা ৰোগীক বিনাদ্বিধাই বিনামূল্যে চিকিৎসা কৰাৰ লগতে ঔষধ পাতি কিনিবলৈ সহায় কৰাৰ কথা আজিও মনত পৰে ৷ গোলাঘাটৰ ডাক্তৰ হেমন্ত শৰ্মা চাৰ য'তেই আছে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু হৈ থাকক ৷
মোৰ গাঁৱৰ মোৰ মানুহ বোৰৰ মাজৰ মামৰু কাকা আৰু কালিৰাম খুৰা আজি নাই ৷ কিন্তু হাস্পতাললৈ গ'লে সেই অখ্যাত মানুহ কেইজনে কৰা মৰম স্নেহ আৰু দাবি ধমকিৰ মিঠা অনুভৱবোৰ হৃদয়ৰ একোণত আজিও পঞ্জীভূত হৈ আছে ৷ আমাৰ নৱ প্ৰজন্মই মোৰ গাঁৱৰ হেৰাই যোৱা মোৰ মানুহ বোৰৰ পৰা কিছু কথা অন্ততঃ অনুধাৱন কৰি আগুৱাই যোৱাৰ অনুপ্ৰেৰণা পাব বুলি আশাৰে আজিলৈ সামৰিছো ৷

✍️চুমিন্দ্ৰ চৌধুৰী
নতুন দিল্লী 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send