সিদ্ধান্ত-মধুকৃষ্ণা দেউৰী শিলপনীয়া

©Admin
0
প্ৰণিতা ই  কথাবোৰ ভাবিলে তাইৰ হাতত তিনি-চাৰিমাহৰ সৰু ৰুম এটাৰ ভাড়া ল'ব পৰা জোখৰ টকা আছে যেতিয়া তাই কিবা এটা কৰি চলিব পাৰিব।তাই হাতৰ কাম জানে।তাই কিমান সহ্য কৰি থাকিব শাহুয়েক আৰু নন্দেকৰ অত্যাচাৰ।মুনুৰ দেউতাক ঢুকোৱা আজি দুই বছৰ হ'ল।এই দুই বছৰে শাহুয়েক আৰু নন্দেকৰ অত্যাচাৰ সহ্য কৰি আহিছে কোনো কাৰণ নোহোৱাকৈয়ে।মাকৰ ঘৰলৈ যাবলৈও মাক ঢুকোৱা এবছৰ হ'ল।দেউতাক তাই বিয়া হোৱাৰ আগতেই ঢুকাল।ককায়েক বৌয়েক আৰু কণমানি ভতিজী 'লিজা'ৰ বাহিৰে আপোন বুলিবলৈ আৰু কোনো নাই ঘৰখনত।ককায়েক  বৌয়েকৰ বোজা হবৰ মন নাই।সেয়ে তাই সিদ্ধান্ত ল'লে চহৰত থকা কলেজীয়া জীৱনৰ একমাত্ৰ বান্ধৱী ৰুনু'ক কৈ ভাড়া ৰুম এটাৰ ঠিক কৰাৰ--। তিনিবছৰীয়া  মুনু'ক লগত লৈ তাতে থাকি তাক ভাল স্কুল এখনত দি ভালকৈ পঢ়ুৱাব।

     ✍️  মধুকৃষ্ণা দেউৰী শিলপনীয়া
            মানকটা টেপৰ গাওঁ চন্দন নগৰ
            ডিব্ৰুগড়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)