দুপৰীয়া ভাত খাই বিচনাত উঠিছোঁ মাত্ৰ। ফোনটো বাজি উঠিল। দেখিলোঁ মোৰ বান্ধৱী কবিতাৰ ফোন কল। আজি বহুদিনৰ মূৰত তাইৰ ফোন কল দেখি মনটো ভাল লাগি গ'ল। ব্যস্ততাৰ বাবে ময়ো তাইৰ বহুদিন খবৰ লোৱা নাছিলোঁ ।
ফোনটো ৰিচিভ্ কৰাত তাই বৰ দুখেৰে ক'লে - "মই ভাগৰি পৰিছোঁ অ' ।"
প্ৰথমতে একো ধৰিবই পৰা নাছিলোঁ। সুধিলোঁ "কি কৈছা একো ধৰিব পৰা নাই ।"
তাই ইমান দিনে কাকো ক'ব নোৱাৰা অন্তৰত সাঁচি ৰখা সকলোবোৰ কথা মোক খুলি ক'লে । তাইৰ প্ৰেমৰ কাহিনী শুনি মই আচৰিত হৈ ভাবিলোঁ, আচলতে আমি মানুহবোৰেই মূৰ্খ । সুখ বিচাৰি বিচাৰি গোটেই জীৱনৰ বাবে এসোপামান দুখ গোটাই লওঁ ।
কবি জন মিল্টনে কৈছিল, " মানুহৰ মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে ।"
এৰা! সুখ-দুখ, সংঘাতেৰে ভৰা এয়াই জীৱন। দুখ নাথাকিলে সুখৰ অনুভৱ কৰিব নোৱাৰি । নোপোৱাক পোৱাতকৈ পাম পাম বুলি কৰি থকা আশাই মানুহক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে । কবিতাৰ জীৱনতো তেনেকুৱাই এটা আশা আছিল । জীৱনত কোনো দিন ওচৰৰ পৰা লগ নোপোৱা, কথা পাতি নোপোৱা প্ৰণৱক মাত্ৰ এবাৰ ওচৰৰ পৰা লগ পাবৰ আৰু তাক হেঁপাহ পলুৱাই চাবৰ তাইৰ বৰ ইচ্ছা আছিল । কিন্তু বেচেৰীৰ ভয়, সেই ইচ্ছা চাগে তাইৰ কেতিয়াও পূৰণ নহ'ব । তাই মোক খুব বিশ্বাস কৰি কথাবোৰ কৈছিল। কথাবোৰ কওঁতে তাইৰ মাতটো থোকাথুকি হৈছিল । মাজে মাজে কিছুসময় মৌন হৈ উচুপিছিল।
কবিতাই প্ৰণৱক ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত প্ৰথম লগ পাইছিল মানে দেখিছিল । প্ৰথম কেতিয়া কেনেকৈ দেখিছিল তাইৰ মনত নাই । কিন্তু প্ৰথমৰ পৰাই তাইৰ তাক ভাল লাগিছিল । অতি সাধাৰণ খাকী কালাৰৰ পেণ্ট আৰু ক্ৰীম কালাৰৰ চাৰ্টটো পিন্ধি সি সদায় খোজকাঢ়ি কলেজলৈ আহিছিল । বুদ্ধিদীপ্ত চকুযুৰিত অনবৰতে এটা হাঁহি লাগি আছিল । তাৰ গভীৰ চকুৰ চাৱনিটো তাইৰ বহুত ভাল লাগিছিল । সেই চাৱনিত তাই নিজকে দেখিছিল । তাক এবাৰ দেখা নাপালে গোটেই দিনটোৱে তাইৰ বেয়া লাগি থাকিছিল । কিন্তু দূৰৈৰ পৰা চোৱাৰ বাহিৰে সিহঁতৰ মাজত একো সম্পৰ্কই হোৱা নাছিল ।
এবাৰ তাইৰ কিতাপ এখন তাইৰ বন্ধু এজনে পঢ়িব নিছিল। কিতাপখন বহুদিন ধৰি ঘুৰাই নিদিয়াত তাই বন্ধুজনক সোধাত গম পালে কিতাপখন প্ৰণৱে নিছে ।
বন্ধুজনে ক'লে , "প্ৰণৱ বহুত ভাল আৰু তীক্ষ্ণ বুদ্ধিৰ ল'ৰা, তাৰ লগত তোক চিনাকি কৰি দিম দে।" কিতাপখন প্ৰণৱে নিয়া বুলি জানি তাই মনে মনে ভালেই পালে তথাপি তাক দেখুৱাই ক'লে," নালাগে চিনাকী কৰি দিব , তই সোনকালে কিতাপখন মোক আনি দিবি ।" কেইদিনমান পাছত তাই এডুকেছনৰ ক্লাছৰূমত বহি থাকোতে লগৰ এজনীয়ে ক'লে , "কবিতা তোমাক কোনোবাই বিচাৰিছে ।" তাই বাহিৰলৈ ওলাই আহি দেখিলে প্ৰণৱ দুৱাৰমুখতে ৰৈ আছে ।
সি কিতাপখন তাইৰ ফালে আগুৱাই দি ক'লে- "তোমাৰ কিতাপখন দিওঁতে দেৰি হ'ল ,বেয়া নাপাবা" । কিতাপখন দিয়েই প্ৰণৱ গুছি গ'ল। সেইখিনি সময়ত তাইৰ বুকুখন ধপধপাই আছিল । কিতাপখন আনি বেগত ভৰাই থৈ মনে মনে ভগৱানক প্ৰাৰ্থনা কৰিলে, "হে ভগৱান! কিতাপখনৰ মাজত যেন এটা শাৰীৰ হ'লেও এখন চিঠি থাকে ।" ঘৰলৈ গৈয়ে তাই কিতাপখন খুলি চালে, নাই একো নাপালে। পুনৰ এটা এটাকৈ পাতবোৰ লুটিয়াই চালে কিজানিবা কৰবাত কিবা লিখিছেই । কিন্তু নাই, তাইৰ মনৰ আশা মনতে মাৰ গ'ল । তাইৰ ক্লাছৰ আগেৰে প্ৰায়েই প্ৰণৱে এপাক মাৰিছিল। প্ৰথম বেন্সত বহা কবিতায়ো সি এপাক অহালৈকে বাট চাই থাকিছিল । দুয়ো দুয়োকে মনেৰে বিচাৰিছিল যদিওঁ এক অজান ভয় আৰু লাজত দুয়োয়ে মনৰ কথাবোৰ প্ৰকাশ কৰিব নোৱাৰিলে। এনেকৈয়ে দুবছৰ পাৰ হ'ল ।
ডিগ্ৰী থাৰ্ড ইয়েৰত প্ৰণৱক কবিতাই দেখিবলৈ নোপোৱা হ'ল । যিহেতু তাক দেখিলেই কবিতাই তলমূৰ কৰিছিল সেয়ে সি ভাবি লৈছিল কবিতা বৰ অহংকাৰী ছোৱালী । তাই তাক পাত্তাই দিবই নোখোজে । সেয়ে সিওঁ কবিতাক গুৰুত্ব দিবলৈ এৰি দিলে । সি কবিতাৰ ক্লাছৰূমৰ আগেৰে এপাকো নমৰা হ'ল । কিন্তু কবিতাৰ দুচকুৱে প্ৰতিদিনে প্ৰণৱক বিচাৰি ফুৰিছিল । প্ৰণৱক নেদেখি তাইৰ মন ভাগি পৰিছিল। মনৰ কথাবোৰো কাকো খুলি ক'বওঁ পৰা নাছিল মাথো গোপনে চকুপানী টুকিছিল ।
পঢ়া শেষ হোৱাত গুৱাহাটীৰ সম্ভ্ৰান্ত ঘৰৰ ল'ৰা অমিতৰ লগত কবিতাৰ বিয়া হৈ গ'ল । অমিত ইঞ্জিনীয়াৰ। খুব সৎ আৰু বুদ্ধিমান ল'ৰা। কোনোদিনে তেওঁ অসৎ উপায়েৰে এটকাওঁ উপাৰ্জন কৰা নাই । ছোৱালী দুজনীৰে সিহতৰ সুখৰ সংসাৰ ।
প্ৰায় চৈধ্য বছৰ পাছত এবাৰ মালিগাঁও ৰেল ষ্টেচনত তাই প্ৰণৱক দেখা পাইছিল । প্ৰণৱ আগতকৈ শকত আৰু ধুনীয়া হৈছে । দুয়ো দুয়োকে ক্ষণিকৰ বাবে চাই নিৰৱে কাষেৰে পাৰ হৈ গৈছিল। মাতিবলৈ কাৰো সাহস নহ'ল । কবিতাই উভতি চাই দেখিছিল প্ৰণৱেওঁ তাইৰ পিনে উভতি চাইছে। এপলক দৃষ্টিয়ে যেন দুয়োকে বহু কথা ক'লে । তাইৰ মনত প্ৰশ্ন উঠিছিল কিয় ল'ৰা হৈওঁ সি এবাৰো মনৰ কথাবোৰ ক'ব নোৱাৰিলে । নে তাৰ মনত তাইৰ প্ৰতি কোনো অনুৰাগেই নাছিল !
ঘৰলৈ আহি কবিতাই শান্তিত থাকিব পৰা নাছিল। বাৰে বাৰে প্ৰণৱৰ চকুযুৰিয়ে তাইক আমনি কৰিছিল। ৰাতি বিচনাত এন্ধাৰৰ সুযোগ লৈ তাই চকুপানীৰে গাৰু তিয়াইছিল। তাইৰ অন্তৰখনে প্ৰণৱে তাইক ভাল পাইছিল নে নাই সেয়া জানিবলৈ হাঁহাকাৰ কৰি উঠিছিল । কিন্তু জানিবৰ কোনো উপায়ো নাছিল। তাই মনতে সংকল্প ল'লে মৃত্যুৰ সময়ত হ'লেওঁ তাই প্ৰণৱৰ ওচৰত এই প্ৰশ্নৰ উত্তৰ বিচাৰিবই । লাহে লাহে তাই কথাবোৰ পাহৰি যাবলৈ চেষ্টা কৰিলে । তথাপি প্ৰণৱৰ মৰম লগা চকুযুৰিয়ে তাইক মাজে মাজে বৰকৈ আমনি কৰে।
এনকৈয়ে প্ৰায় পাঁচবছৰ পাৰ হ'ল । এদিন তাইৰ মনত খেলালে fb ত বিচাৰিলে তাই প্ৰণৱক নিশ্চয় পাব । তেতিয়া তাইৰ fb একাউন্ট নাছিল । fb ৰ প্ৰতি বিশেষ আকৰ্ষণো অনুভৱ কৰা নাছিল । তাই গুগলত প্ৰণৱক চাৰ্চ কৰি চালে । প্ৰণৱ নামৰ বহুত লৰাৰে fb একাউণ্ট দেখিবলৈ পালে। বহুদিন বিচৰাৰ অন্তত তাই প্ৰণৱৰ একাউণ্টটো পালে । এই পাচবছৰত তাৰ বহুখিনি দৈহিক পৰিবৰ্তন হ'ল । তাই ধৰিবই পৰা নাছিল । কলেজৰ নাম , major subject আৰু তাৰ চকুযুৰি চাইহে তাই নিশ্চিত হ'ল যে সেইজন প্ৰণৱেই । সি লেখা-মেলা কৰে । তাই তাৰ সকলোবোৰ পোষ্টেই পঢ়িবলৈ ল'লে। সেইবোৰ পঢ়ি তাইৰ মনটো ভাল লাগে। অৱশ্যে প্ৰণৱৰ প্ৰতি গোপনে অনুৰাগ থাকিলেও তাই তাইৰ পৰিয়ালৰ প্ৰতি কোনোদিনেই অৱহেলা কৰা নাই । ছোৱালী দুজনী আৰু অমিতৰ প্ৰতি তাইৰ মৰম ভালপোৱা সদায় অটুত আছিল।
এবছৰ ধৰি প্ৰণৱৰ ফেচবুক একাউণ্ট চাই চাই তায়ো fb একাউণ্ট এটা খুলি প্ৰণৱলৈ friend request পঠালে । তাইৰ ভয় হৈছিল প্ৰণৱে যদি তাইৰ friend request গ্ৰহণ নকৰে। তেতিয়া তাইৰ কি অৱস্থা হ'ব । কিন্তু তাইক আচৰিত কৰি প্ৰণৱে পিছদিনাই তাইৰ friend request গ্ৰহণ কৰিলে আৰু মেছেজো কৰিলে। তাৰ নিজৰ ফোন নম্বৰটো দি তাইৰ নম্বৰটোওঁ খুজিলে। তিনিদিনমান পাছত কৰো নকৰোকৈ কবিতাই প্ৰণৱলৈ ফোন কৰিলে । বিপৰীত ফালৰ পৰা গলগলীয়া মাতেৰে 'হেল্লো' বুলি সহাৰি আহিল । কবিতাৰ বুকুখন কপিবলৈ ধৰিলে। তথাপি নিজকে চম্ভালি তাই কলে- "মই কবিতাই কৈছোঁ ।" তাৰ পাছত হাঁহি ধেমালিৰে সিহতে প্ৰায় দুঘণ্টা সময় ধৰি এৰি অহা কলেজীয়া দিনৰ কথা বৰ্তমানৰ কথা পাতিলে ।
প্ৰণৱে মাজতে ক'লে , "তেতিয়া তুমি ইমান লাজুকী আছিলা আৰু আজি ইমান ফ্ৰি হৈ কথা পাতিছা আচৰিত লাগিছে । বেকাকৈ যে মনে মনে দূৰৈৰ পৰা চাইছিলা মনত আছেনে?"
কবিতাই অনুভৱ কৰিলে তাৰমানে প্ৰণৱে তাইৰ মনৰ কথা অলপ হ'লেওঁ নিশ্চয় ধৰিব পাৰিছিল । সিদিনা তাইৰ মনত এক বুজাব নোৱাৰা ভাললগা অনুভৱে ডোলা দি গৈছিল ।
কবিতাই কলেজত পঢ়োতে মেগাজিনত তাইৰ দুই এটা কবিতা যে প্ৰকাশ হৈছিল সেই কথা প্ৰণৱে জানিছিল। সেয়ে ঘৰত এনেয়ে বহি থকাতকৈ কিবা লেখা-মেলা কৰিবলৈ তাইক সি উৎসাহ দিলে ।
সি প্ৰায়েই সোধে "কিবা লিখিছানে? লিখিছা যদি দেখুওৱাচোন" ।
এদিন তাই এটি কবিতা লিখিলে তাইৰ মনৰ কথাৰে । প্ৰণৱক যে তাই বহুত ভাল পাইছিল সেয়াও প্ৰকাশ কৰিলে কবিতাটোত। কবিতাটো প্ৰণৱলৈ পঠাই তাই ক'লে যে তাই এতিয়া প্ৰণৱক প্ৰেমিক হিচাপে নহয় বন্ধু হিচাপেহে ভাবিব বিচাৰে । কিন্তু প্ৰণৱে তাইৰ কথাত সন্মত নহ'ল । আচলতে সিওঁ তাইক গভীৰ ভাৱে ভাল পাইছিল । সেয়ে সি ক'লে , পাহৰো বুলিয়ে জানো ভালপোৱা পাহৰি যাব পাৰি । লাহে লাহে সিহতৰ মাজত সুপ্ত হৈ থকা প্ৰেমৰ বীজটোৱে গজালি মেলিলে । প্ৰণৱৰ প্ৰেৰণাত কবিতায়ো লেখা -মেলা কৰিবলৈ ল'লে। লেখাবোৰ প্ৰণৱে চাই দিয়ে। প্ৰণৱেওঁ তাৰ কিছুমান লেখা তাইক চাবলৈ দিয়ে।
সৰু সৰু কথাতে মান-অভিমান আৰু ভালপোৱাৰ মাজেৰে প্ৰায় এবছৰ পাৰ হ'ল । কিন্তু অভিমান যিমানে বেছি হ'ল সিহতৰ দূৰত্বওঁ সিমানে বাঢ়িব ধৰিলে । চাৰি বছৰে প্ৰেম কৰি বিয়া কৰোৱা এজনী সুন্দৰী মৰমীয়াল পত্নী আৰু এটি মৰমলগা ল'ৰাৰে তাৰো সুখৰ সংসাৰ। সিহঁতকো সময় দিব লাগে ।তথাপি তাৰ মাজতে আগতে সি ঘৰত থাকিলেওঁ সময় উলিয়াই কবিতাৰ খবৰ লৈছিল ।
কবিতাই মেছেজ নকৰিলে সি কৈছিল,"কোনো চিন্তা নকৰিবা কবিতা, এওঁ মোৰ ফোন নাচায় আৰু মোৰ ফোনত এপ্ লক্ দিয়া আছে। তুমি যেতিয়াই ইচ্ছা তেতিয়াই ফোন বা মেছেজ কৰিব পাৰা।"
কিন্তু সময়ৰ লগে লগে প্ৰণৱ সলনি হ'ল । প্ৰণৱৰ কৰ্মব্যস্ত জীৱন আৰু তাইৰ সৰু সৰু কথাতে লগা অভিমানৰ বাবে সিহতৰ মাজৰ দূৰত্ব ক্ৰমান্বৱে বাঢ়ি গ'ল । তাই অনুভৱ কৰিলে প্ৰণৱে যেন লাহে লাহে তাইৰ পৰা আতৰি গৈ আছে । এনেকুৱা হ'ব বুলি তাই প্ৰথমতেই অনুভৱ কৰিছিল। যাৰ সুপ্ৰভাতত তাইৰ গোটেই দিনটো আনন্দেৰে পাৰ হৈছিল । সেই সুপ্ৰভাত , শুভৰাত্ৰি আজিকালি তাই দেখিবলৈকে নোপোৱা হ'ল । মোবাইলটোত সেউজীয়া লাইটটো জ্বলি উঠিলে তাই হেঁপাহেৰে খুলি চায় কিজানি প্ৰণৱৰ কিবা মেছেজ আহিছেই । অৱশ্যে মাজে মাজে সি খবৰ নোলোৱাকৈ নাথাকে । কেৱল আগতকৈ সি কমকৈ খবৰ লয় । ইয়াৰ বাবে প্ৰণৱক তাই দোষ দিব নিবিচাৰে । কাৰণ আজিকালি তাৰ অফিচৰ কামৰ ব্যস্ততা বাঢ়িছে । তাৰোপৰি প্ৰত্যেক মানুহৰে নতুনৰ প্ৰতি মোহ বেছি হয় আৰু দিন যোৱাৰ লগে লগে সেই মোহ কমি যায় । শুনিবলৈ বেয়া যদিওঁ এয়া চিৰসত্য । অৱশ্যে তাইৰ ক্ষেত্ৰত ওলোটা। আজি বিশ বছৰ পাছতো প্ৰণৱৰ প্ৰতি তাইৰ দেখোন প্ৰেম একেই আছে ।
তাই নিজেই নিজৰ লগতে কথা পাতে , "প্ৰণৱৰো মোৰ প্ৰতি প্ৰেম একেই আছে কিজানি। সি সাধাৰণ পেনপেনিয়া প্ৰেমিক নহয়। সৰু সৰু কথাতে কৰা মোৰ অভিমানবোৰৰ বাবেই চাগে সি আজিকালি কথা পাতিবলৈ নিবিচৰা হ'ল । চেঃ মিছাতে যা-তা কথাবোৰ ভাৱি নিজকে কষ্ট দিছোঁ । মোৰ মনটো ইমান ঠেক হ'ব লাগেনে!"
তাইৰ চকুৰে চকুপানী ওলাই আহে । বাথৰূমত সোমাই পানীৰ টেপটো খুলি তাই ইচ্ছা পলাই কান্দে । তাইৰ উখহি থকা চকুযুৰি দেখি সৰু জীয়েক পপীয়ে সোধে- "মা তুমি কিয় কান্দিছা ?"
নিজকে চম্ভালি তাই কয়, " নাই কন্দাওঁ, চকুত কিবা এটা পৰি চেকচেকাই আছে।"
আজি তাই নিজৰ ভুল অনুভৱ কৰিছে । প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম কৰাটো পাপ নহয় । তাই প্ৰণৱৰ লগত ফোনেৰে যোগাযোগ কৰি কোনো পাপ কথা আলোচোনা কৰা নাছিল । সিহঁতে লেখা-মেলাৰ লগতে সুখ-দুখৰ কথাহে পাতিছিল । তাই নিজকে সমালোচনা কৰে । কিছুমান কথা কোৱাৰো থাকে এটা উপযুক্ত সময় । মুখখন থাকিল বুলিয়েই যেতিয়াই তেতিয়াই যি তি কথা ক'ব নালাগে । প্ৰেমৰ ক্ষেত্ৰতো একেই। উপযুক্ত সময়ত প্ৰেম প্ৰকাশ কৰিব নোৱাৰিলে চিৰদিনৰ বাবে কাৰোবাক হেৰুৱাব লগা হয় । প্ৰণৱৰ প্ৰতি থকা অনুৰাগৰ কথা তাই তেতিয়াই যিহেতু প্ৰকাশ নকৰিলে এতিয়াও প্ৰকাশ কৰিব নালাগিছিল । যদি তাই এতিয়া প্ৰকাশ নকৰিলেহেঁতেন তেনেহ'লে "সি যে তাইক ভাল পায়" এই কথাষাৰ ভাবিয়েই মৃত্যুলৈকে সুখেৰে জীয়াই থাকিব পাৰিলেহেঁতেন । বিশ বছৰে অন্তৰত সাঁচি ৰখা তাইৰ আশাবোৰ আজি যেন নিৰাশাত পৰিণত হ'ল । পায়ো হেৰুৱাৰ বেদনাত আজি তাই দগ্ধ ।
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এষাৰ কথা তাই কৰবাত পঢ়িছিল, "প্ৰেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী কেৱল বেদনাহে ।"
আজিকালি তাই পৰিয়াল আৰু কিতাপৰ মাজতে নিজকে আৱদ্ধ ৰাখি মনটোক স্থিৰ কৰিবলৈ পাৰ্যমানে চেষ্টা কৰিছে । মাজে মাজে দুই-এটা কিবা-কিবি লিখিবলৈও চেষ্টা কৰিছে । যেতিয়া মনত পোৱাৰ আশা থাকে তেতিয়া নোপোৱাৰ বেদনাই জুৰুলা কৰে। কিন্তু নিস্বাৰ্থ সম্পৰ্কত পোৱাৰ আশাও নাথাকে আৰু নোপোৱাৰ বেদনাও নাথাকে। কিন্তু গোপনে অন্তৰত আন্তৰিকতাই গভীৰভাৱে ঠাই পায় আৰু সেই আন্তৰিকতাই দিয়ে মনত অনাবিল সুখ।
কবিতাৰ কথাবোৰ শুনি তাইৰ প্ৰতি মোৰ সহানুভূতি জন্মিছিল । এৰা! প্ৰেম কৰাটো জানো পাপ। জীৱনত প্ৰেম বহুবাৰ হ'ব পাৰে । তাই প্ৰণৱক ভাল পালেও অমিতৰ প্ৰতি তাইৰ প্ৰেম অকনো কমি যোৱা নাছিল। দুয়োৰে প্ৰতি তাইৰ প্ৰেম আছিল ভিন্ন । আচলতে তাইৰ প্ৰেম স্বৰ্গীয়ই আছিল। য'ত নাছিল কোনো অশ্লীলতা। আছিল ইজনৰ প্ৰতি সিজনৰ গভীৰ অনুৰাগ। দুয়ো দুয়োৰে জীয়াই থকাৰ, কাম কৰাৰ প্ৰেৰণা।
বহু সময় ধৰি বিচনাত শুই শুই মই তাইৰ কথাকে ভাবি থাকিলোঁ । তাইক মই কি বুলি সান্তনা দিওঁ ।তাইৰ পৱিত্ৰ প্ৰেম বৰ্তাই ৰাখিবলৈ উৎসাহ দিম নে প্ৰৱীণৰ লগত কেৱল বন্ধুত্বৰ সম্পৰ্ক ৰাখি লেখা -মেলাতে নিজক ব্যস্ত ৰাখিবলৈ উপদেশ দিম । আচলতে সিহঁতৰ সম্পৰ্কক কি আখ্যা দিব পাৰি বন্ধুত্ব, প্ৰেম নে প্ৰেমতকৈ ওপৰত আন কিবা যিটো বুজাব নোৱাৰি । আমাৰ দেশৰ আইনে বিবাহৰ পাছত আনৰ লগত সম্বন্ধ থকাটো বৈধ বুলি স্বীকৃতি দিছে যদিও সমাজে সেই সম্পৰ্কক কেতিয়াও সহজভাৱে মানি নলয় । মানুহৰ মনৰ কথা কোনেও বুজিব নোৱাৰে । প্ৰতিজন মানুহৰে অন্তৰত গোপনে কাৰোবাৰ নহয় কাৰোবাৰ প্ৰতি দুৰ্বলতা থাকিব পাৰে । বৰ্তমান বিজ্ঞানৰ যুগত ছোচিয়েল মিডিয়া ফেচবুক, হোৱাটচ্ এপ ৰ যোগেদি বিভিন্ন জনৰ লগত বন্ধুত্ব হয়। ইয়াৰ সহায়ত বহুতেই নিজৰ মনৰ কথাবোৰ প্ৰকাশ কৰিবলৈ লৈছে, পুৰণি প্ৰেমে সজীৱ হৈ উঠিছে । ইয়াৰ ফলত আমাৰ সমাজখন আগুৱাই গৈছে নে অৱনতি ঘটিছে সেয়া বিচাৰ্য্য বিষয় । কথাবোৰ ভাবি থাকোতে এটা মুহূৰ্তত স্বতস্ফুটভাৱে মোৰ তৰ্জনী আঙুলিটোৱে মোবাইলৰ নোটত টাইপ কৰি গ'ল "মৰীচিকা" ।
এৰা! সাহিত্যিক হোমেন বৰগোহাঞিদেৱে তেওঁৰ "বিশ্বাস আৰু সংশয়" নামৰ ৰচনাখনত এনেয়ে কৈছে নে যে, মৰুভূমিৰ তৃষ্ণাৰ্ত পথিকে আমোদৰ কাৰণে বা কৰ্তব্যৰ তাড়নাত মৰীচিকা খেদি নুফুৰে, নিজৰ প্ৰাণৰ দায়তেই তেওঁ দিক্-বিদিক্ জ্ঞানশূণ্য হৈ জীৱনদায়িনী জলৰ সন্ধানত মৰীচিকাৰ পাছে পাছে ঘুৰি ফুৰে । ভ্ৰম বুলি বুজিও অন্তহীন আশা-দুৰাশাৰ তাড়নাত তৃষ্ণা-কাতৰ দেহে মৰীচিকা খেদি খেদি জীয়াই জীয়াই দগ্ধ হয়। এয়াই হয়তো জীৱন।
✍পূৰৱী তালুকদাৰ
ৰঙিয়া।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ