নাৰী-প্ৰিয়াক্ষী বড়া

Rinku Rajowar
0
নাৰী..... তুমি হেনো মমতাময়ী, স্বৰ্গাদপী,গৰিয়সী,অৰ্ধ আকাশ তুমিয়েই জননী।
এনে নানান উপাধিৰে তুমি বিভূষিত,
তুমিয়েই সৃষ্টিৰ গৰাকী,
তোমাৰ গৰ্ভতে থিতাপি লয় অনেক মহান মণিষী।
তুমি নাৰী.....
মাতৃ, পত্নী, ভগ্নী শতৰূপা জননী।
তুমিয়েই ধৰাৰ ধৰণী।
তুমি অবলা নহয়,তুমি সহানুভূতিশীল,
তুমি স্নেহশীলা, মমতাময়ী
তোমাৰ দুচকুত ভাঁহি থাকে,
পিতৃ-পুত্ৰৰ প্ৰতি থকা মমতাৰ প্ৰতিচ্ছবি।
তোমাৰ অবিহনে মানৱ সমাজ কল্পনা বিহীন।
তথাপি প্ৰশ্ন হয়, তুমি আজিও কিয় স্বাধীন নহয়?
নিবিচাৰে সমাজে কোনো কথাতে তোমাৰ মতামত,
মাথো দিব লাগে সমাজক 
মূল্যহীনভাবে অজস্ৰ সেৱা।
সন্তানৰ শুশ্ৰূষাত যিজনী নাৰীয়ে উজাগৰী নিশা কটায়,
সেই নাৰীও এসময়ত বৃদ্ধাশ্ৰমৰ আলহী হ'য়।
এইয়াই হেনো সমাজৰ নিয়ম....!
দুৰ্গা-পাৰ্বতী ৰূপে তোমাক অজস্ৰ জনতাই পূজে...;
তুমি হেনো দেৱী,
কিন্তু ৰাজপথত ৰাতিৰ আন্ধাৰত শুনা যায়,
অসহায়,অবলা নাৰীৰ কৰুণ নিদাৰুণ।
নাৰী! তুমি হেনো পতিব্ৰতা,মহাসতী...!
তথাপিও সময়ৰ চাকনৈয়াত,
সমাজেই তোমাক সজায় কলংকিনী।
নাৰী! সচাকৈয়ে তুমি মমতাময়ী।
ভগৱান শ্ৰীকৃষ্ণইও বুজি নাপালে তোমাৰ মহিমাৰ চাতুৰি।
তথাপিও সমাজে কয়, তোমাৰ হেনো সেৱাৰ কোনো মূল্য নাই, 
তোমাৰ কোনো দায়িত্ববোধ নাই...!
কিন্তু, সমাজৰ প্ৰতি যদি তোমাৰ কোনো গধুৰ দায়িত্বই নাই, তেন্তে দেশৰ হকে মূলাগাভৰু, জয়মতী, কনকলতাই কিয় প্ৰাণ আহুতি দি শ্বহীদ হ'ল!
মানি লৈছো....
আজি অজস্ৰ জনতাই কনকলতাক সোঁৱৰে,
জয়মতী দিৱসও পাতে,
তথাপি, আজিও যেন ক'ৰবাত থমকি ৰব লগা হয়....!
প্ৰশ্ন হয়, আজিৰ একবিংশ শতিকাতো সঁচাকৈয়ে নাৰী স্বাধীন জানো?
নাৰীৰ হেনো কোনো নিজস্ব সত্তা নাই....!
 নাৰীৰ হেনো কোনো নিজা স্বাভিমান নাই, 
সমাজৰ মুখে মুখে প্ৰচলিত এষাৰ কথা,
লাও যিমানে ডাঙৰ নহওঁক কিয়,
সদায় হেনো পাতৰ তলত....!
কিন্তু, লাও অবিহনে জনো পাতৰ কিবা মূল্য আছে?
লাও নলগা গছত জানো কোনোবাই সাৰ - পানী দিব?
ঠিক তেনেদৰে.....
নাৰীবিহীন এখন সমাজ গঢ়াতো জানো সম্ভব!
কিয় সমাজে বুজি নাপায় নাৰীৰ নিৰৱতাৰ ভাষা,
নাৰী কেতিয়াও অবলা নহয়, নাৰী সহানুভূতিশীল।
নাৰী ধৈৰ্য আৰু সাহসৰ
প্ৰতীক।
এজন পুৰুষৰ জীৱনৰ বাটত এগৰাকী নাৰীয়েতো সাহস হৈ থিয় দিয়ে।
শত জনতাই দেখিছে, নাৰীৰ জীৱনৰ উত্থান - পতনৰ প্ৰতিচ্ছবি।
দেখা নাই মাথোঁ, আন্ধাৰ ৰাতিৰ নিৰিবিলিত
অব্যক্ত বেদনাত বুকু ফাটি ওলাই অহা সেই কৰুণ চকুপানী....!!


               🖋️ প্ৰিয়াক্ষী বড়া
                     শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)