সুদীৰ্ঘ অপেক্ষাৰ অন্তত
সময়ৰ চাকনৈয়াত হেৰুৱালো তোমাক।
নিৰিবিলি উপত্যকাত নিঃসংগ কায়া।
হুমুনিয়াই কৰিছোঁ পাৰ..
প্ৰেম আজি অৰ্থহীন।
ইচ্ছাবোৰ কবৰবন্দী।
সপোন আজি মৃত্যুপ্ৰায়।
ভালপোৱা আজি নিখোজঁ।
আধৰুৱা আজি মই।
আধৰুৱা মোৰ কবিতা ,
সুখ-দুখৰ দোমোজাত জ্বলিছে উমি উমি জীৱনৰ তেলহীন শলিতা।
✍️ হুমায়ুন কবিৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ