চক্রবেহু-মিনাক্ষী বৰ্মন

©Admin
0
মনৰ নীলা চৰাই জনীয়ে
     সহজে উৰি যাব খোজে,
ভাল লগা কিছুমান 
     কৰিব বিচাৰে ৷
য'ত মনটোৱে 
  সুকীয়া মাদকতাৰ 
অনুভূতিৰ সোৱাদ পায় ৷ 
কিন্তু পৰিস্থিতিৰ বিফলতাই
     কেতিয়াবা চক্রবেহুৰ 
ভিতৰত সোমাই দিয়ে ৷ 
চক্রবেহুৰ ফলশ্ৰুতিত 
উমি উমি জ্বলে 
   মাথোঁ মনজুই ৷ 
এটা এটাকৈ কৰা 
  ভূলবোৰে হিয়াখন 
   দগ-দগকৈ জ্বলায় ৷ 
সৈন্যসদৃশ সেই আঘাতে
  দিয়ে জীয়া যন্ত্ৰনা ৷ 

✍️মিনাক্ষী বৰ্মন 
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)