নিঃশ্ৰেয়স ৰাজপথত যান্ত্ৰিকতাৰ বতাহজাক নিবিড়ভাৱে ভদ্ৰ বনিতাৰ গাত লাগিছিল;
নিষ্প্ৰদীপ অন্ধকাৰত মই ও যে এতিয়া সেই ৰাজপথৰেই প্ৰেমিক। হয়তো সেয়া মোৰ অলাসায়িত দেহৰ এক দাবী;
বিচৰা নাছিলোঁ সেই ৰাজপথৰ দাৱানলৰ ওচৰত নিজকে ক্ৰেতা-বিক্ৰেতাৰ দৰ দাম কৰিবলৈ!
হয়তো পথভ্ৰষ্ট জীৱনেও এতিয়া বুজি উঠিছে ভগ্ন হৃদয়ৰ বেদনাবোৰ।
সেয়ে হয়তো সেই দাৱানলৰ মাজতে
যান্ত্ৰিকতা বিচাৰি নিজকে আৱিষ্কাৰ কৰিছিলোঁ ৰাজপথৰ উদ্ভ্ৰান্ত প্ৰেমত
হে! নিঃশ্ৰেয় ৰাজপথ
মোক্ষ দিব পাৰিবা জানো এই অনুভাৱকজনক ?
✍️কংকনা ডেকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ