বগা সাজ যোৰ সেয়ে দলিয়াই পেলাবা...
তুমি এনেয়ে জ্ঞানী...
তুমি মানুহৰ কথালৈ গুৰুত্ব নিদিবা...
তুমি মোক জীয়াই ৰখাৰ স্বাৰ্থত কেতিয়াও বগা সাঁজ পৰিধান নকৰিবা..
তুমি সদায় তোমাৰ মতে জীয়াই থাকিবা,
মই হেৰাই গ'লেও মোৰ শান্তিৰ বাবে তুমি কেতিয়াও আবেগিক নহ'বা...
কাঁইটীয়া বাট দেখিলে অইন বাটেৰে হ'লেও লক্ষ্যস্থান পাবাগৈ..
তুমি শক্তিশালী হৈ জীয়াই থাকিবা,
মোলৈ মনত পৰিলে অতীতবোৰক খুচৰিবা, মান-অভিমানৰ কল্পনাৰ ছবিখন চকুৰ আগলৈ আনি অলপ খেলিবা..
তোমাৰ স্বাধীনতাৰে যিমান দূৰ পাৰা গুচি যাবা, কেতিয়াও মানুহৰ কথালৈ গুৰুত্ব নিদিবা!
তুমি সুখী হৈ জীয়াই থাকিবা,
মই হেৰাই গ'লেও ভুলতো বগা সাজযোৰ পৰিধান নকৰিবা...!
✍️পৰেশ দাস,ঢকুৱাখনা,
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ