তুমি জীয়াই থাকিব লাগিব~মানস প্ৰতীম মালী

©Admin
0
✍️ মানস প্ৰতীম মালী । 


এজনী সৰু ছোৱালী ৰাষ্টাৰ কাষত বহি কান্দি আছিল । 
ৰাজীৱে ছোৱালীজনীক দেখি 
ছোৱালীজনীৰ কাষলৈ আহি 
শুধিলে :- মাইনা তোমাৰ নাম কি ?

ছোৱালীজনী :- পৰী । 

ৰাজীৱ :-  খুব ধুনীয়া নাম - পৰী , তুমিও একেবাৰে আকাশৰ পৰীজনীৰ দৰে ! কিন্তু পৰী তুমি কিয় কান্দি আছা ! ভাল ছোৱালী নাকান্দে নহয় পৰী ......
তোমাৰ ঘৰ ক'ত পৰী ?
আৰু তোমাৰ মা দেউতা ক'ত আছে ?

ছোৱালীজনী :- মই অকলশৰীয়া খুৰা , মই মৰিব বিচাৰোঁ , কিন্তু মোৰ মৰিব ভয় লাগে খুৰা , মৰিব খুজিও মই মৰিব নোৱাৰোঁ । 

ৰাজীৱ :- তুমি এইবোৰ কি কৈ আছা পৰী , তোমাৰ মা দেউতা ক'ত আছে মোক কোৱাচোন ?
 
ছোৱালীজনী :- ঘৰত আছে । মোৰো এখন ধুনীয়া ঘৰ আছে , খেলিবলৈ পুতলা আছে ।  

ৰাজীৱ :- পৰী , তোমাৰ দেউতাৰ  নাম কি ? বলা তোমাক মই ঘৰত থৈ আহো ।

ছোৱালীজনী :- নালাগে খুৰা , মোক মোৰ মা দেউতাই বেয়া পায় । 

ৰাজীৱ :- কি কলা , তোমাক মা দেউতাই বেয়া পায় ?

ছোৱালীজনী :- বেয়া পায় , বহুত বেয়া পায় মোক ।

ৰাজীৱ :- কিন্তু তুমি কিয় কান্দি আছা পৰী ? 

ছোৱালীজনী :-  খুৰা  মোৰ মা  - দেউতালৈ মনত পৰিছে । 
মই সৰুৰেপৰাই ভালদৰে খোজ কাঢ়িব নোৱাৰো , খুৰা ! 
সেইবাবে মোক মা দেউতাই অনাথ আশ্ৰমত থৈ গল , আৰু মোক  ঘৰলৈ উভতি যাবলৈ মানা কৰিছে । এতিয়া মই কাক মা বুলি মাতিম খুৰা ? মই কাক দেউতা বুলি মাতিম ?
মই কি ভুল কৰিছিলোঁ খুৰা? মই এতিয়া কাৰ সৈতে খেল খেলিম । মই এতিয়া অকলশৰীয়া খুৰা , মোৰ দুখ কোনেও বুজি নাপায় , মই মৰিব বিচাৰোঁ ।

ৰাজীৱ :- তুমি জীয়াই থাকিব লাগিব পৰী , তুমি আনৰ বাবে নহলেও তুমি তোমাৰ নিজৰ বাবে জীয়াই থাকিব লাগিব , তুমি নিজকে ভালপাব শিকিব লাগিব । তোমাক মই মৰম কৰিম , বহুত মৰম কৰিম ।  মোৰ ঘৰত বহুত পুতলা আছে , বলা মোৰ ঘৰলৈ তাত খেল খেলিব পাৰিবা । 

ছোৱালীজনী :- কিন্তু খুৰা মোৰ মা দেউতাই মোকলৈ কষ্ট পাইছে বাবেই মোক অনাথ আশ্ৰমত থৈ গৈছে , আপুনিও মিছাতে কষ্ট পাব খুৰা । মইতো সকলোৰে অৱহেলাৰ পাত্ৰ খুৰা ‌।

ৰাজীৱ :- পৰী মোৰ একো কষ্ট নহয় , আজিৰপৰা তুমি মোৰ ছোৱালী । তুমি কেতিয়াও অৱহেলা পাত্ৰ নহয় পৰী , তুমি মিছাতেই মনটোক কষ্ট নিদিবা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)