মংগলাৰ্থে~কবিতা~হিমাশ্ৰী বৰা

মই বন্তিগছ জ্বলাই দিলোঁ
একান্তচিত্তে সত্য নিৰ্মল মংগল উচ্চাৰণ ।

শান্তি-সম্প্ৰীতি বিয়পি পৰক
প্ৰেম-ভালপোৱা শিপাই থাকক । 

জীৱন জয়ৰ গীত আওৰাই 
দীৰ্ঘায়ু হওঁক উশাহ 
গাফিলতিৰ বেপাৰ ওফৰাই গঢ়ো
কৰ্তব্যৰ সফল বুনিয়াদ ।

✍হিমাশ্ৰী বৰা
তিনিচুকীয়া

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send