বসন্ত-মধুকৃষ্ণা দেউৰী

পদুলিত সৰাপাতৰ খৰমৰনি
বুকুত ব্ৰজসম ধপ্ ধপনি।

সপোন হৃদয়ত উচুপি ৰয়
তুমি অহাৰ বাট'লৈ চাই।

সপোনে ৰাতিৰ বুকুত বৰকৈ চট্ ফটাই
আকাশত তৰা ফুলে মিচিকিয়াই।

সপোন বোৰ উফৰি পৰে নিৰাশাত
সময়ৰ আন্ধাৰ কোঠলিত।

বাট'লৈ চাই ভাগৰি পৰা মনটোৱে
সপোন বোৰক জুখিয়াই বুটলে।

তুমি অহাৰ বাটত ৰংবিৰঙৰ
সপোনৰ ফুলবোৰ চটিয়াই লোৱাৰ,
তোমাৰ খোজৰ পৰশত জীপাল হোৱাৰ
প্ৰাপ্তিৰে মন ভৰাই উপচাই লোৱাৰ।

✍️মধুকৃষ্ণা দেউৰী 
শিলপনীয়া মানকটা টেপৰ গাওঁ চন্দন নগৰ
ডিব্ৰুগড়

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send