পাকৈত পৰিচালকৰ নিৰ্দেশত
ৰান্ধনীঘৰত নতুন ৰান্ধনী,
একেই পচা আলু কবি কচুৰে
আমাৰ বাবে ৰান্ধিছে আঞ্জা ৷
আমাৰ চকুত ধূলি মাৰিবলৈ
বিধে বিধে ঢালিছে মচলা,
সোৱাদৰ গুণ বখানি চলিছে
জোৰদাৰ প্ৰচাৰ ৷
ভোকত থকা জনতাই
সুস্বাদু আঞ্জা খোৱাৰ স্ফূৰ্তিত আত্মহাৰা,
পৰিচালক ব্যস্ত আঞ্জাৰ ৰং সলোৱাত
জনতাক ফুচুলাই আঞ্জা খোৱাব পাৰিলেই
তেওঁ হ’ব পাৰিব নতুন ৰজা..
🖋️ প্ৰণৱ চক্ৰৱৰ্তী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ