ভাঙি যোৱা সম্পৰ্কবোৰ~অনুভৱ-মানস প্ৰতীম মালী

©Admin
0
প্ৰায়বোৰ সম্পৰ্ক ভাঙি যায় , বিশ্বাসৰ অভাৱত । প্ৰায়বোৰ সম্পৰ্ক ভাঙি যায় দুখ অশান্তিৰ বাবে । কোনোবা মানুহ এজনক ভাল পোৱাৰ আগতে মানুহজন ভাল নে বেয়া তাক জানি লোৱাটো অতি দৰকাৰ । বহুত টকা থাকিলেই ল'ৰা এজন ভাল নহ'বও পাৰে । মানুহ এজনক ভালপোৱাৰ আগতে তেওঁ ধনী নে দুখীয়া সেইটো চোৱাতকৈ , তেওঁৰ মনটো কিমান বিশাল তাৰ চৰিত্ৰ কেনেকুৱা সেইটো ভালদৰে চাই ল'ব লাগে ।
ভালপোৱাক কেতিয়াও টকাৰে তুলনা কৰিব নোৱাৰি । মানুহক টকাৰ প্ৰয়োজন হয় দুবেলা দুসাজ শান্তিৰে খাবৰ বাবে । কিন্তু যদি এখন ঘৰত শান্তি নাথাকে তেন্তে ঘৰখন মৰিশালি যেন হৈ পৰে । 
 সমাজত খাবলৈ নাপায় কোনো মৰি যোৱা নাই , কিন্তু সমাজত কিছুমান দানৱৰূপী মানুহৰ অত‍্যাচাৰ সহিব নোৱাৰি বহু মানুহ মৰি আছে , নাইবা দুখবোৰ কাকোয়েই ক'ব নোৱাৰি আত্মহত্যা কৰি আছে । আজিকালিৰ প্ৰায়বোৰ ভালপোৱাৰ সম্পৰ্ক
ক্ষন্তেকীয়া হৈ পৰিছে । কাৰোবাক ভাল লাগিছে ভাল পাওঁ বুলি কৈছে , কেইদিনমানৰ পাছত সিহঁতৰ মাজত কিবা কাজিয়াৰ সৃষ্টি হ'লে ভাল নাপাওঁ বুলি কৈ গুছি গৈছে । কাৰোবাক ভালপোৱাৰ আগতে এটা কথা মনত ৰখা উচিত " ভাল পাওঁ ক'বলৈ যিমান সহজ , ভালপোৱাৰ পাছত
ভাল নাপাওঁ বুলি ক'বলৈ কিন্তু তাতকৈ বেছি সহজ । "
ভাল নাপাওঁ বুলি ক'লে সম্পৰ্কটোৱেই শেষ । সঁচাকৈ ভালপোৱা মানুহজনে কিন্তু তেতিয়া চকুপানীৰে বাট নেদেখা হয় । 
         আমাক সঁচাকৈ যিজন মানুহে ভালপায় তেওঁ জানো আমাক এৰি থৈ যাব পাৰিব । 
হাজাৰ অৱহেলাৰ পাত্ৰ হৈও তেওঁ উভতি আহিবই । কিন্তু স্বাৰ্থৰ বাবে ভালপোৱা মানুহজনে স্বাৰ্থ পূৰণ হোৱাৰ লগে লগে আঁতৰি যাব । এয়াই বাস্তৱ । ভালপোৱাৰ আগতে ভালদৰে মানুহজনক বুজি লোৱা উচিত , পাৰিলে মানুহজনৰ মনটো বুজিব লাগে ‌ । 
ভাল মানুহবোৰে জীৱনত বেছি কষ্ট পাব লগা হয় । কাৰোবাক সঁচাকৈ ভালপোৱা মানুহজনেই বেছিকৈ প্ৰতাৰণাৰ বলি হয় । জীয়াই থাকিবলৈ অসহ্যকৰ হৈ পৰে যেতিয়া আপোন বুলি ভবা কোনোবা মানুহ এজনে ভালপোৱাৰ নামত প্ৰতাৰণা কৰে । তথাপিও লক্ষ‍্যত উপনীত হ'বলৈ সকলো দুখ যন্ত্ৰণা নেওচি জীৱন পথত আগবাঢ়িবই লাগিব ।

✍️মানস প্ৰতীম মালী । 
 বৰিহাট , মিৰ্জা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)