বিচ্ছিন্নতা~কবিতা~পূৰৱী বৰুৱা

©Admin
0
মই মোক নিজলৈ উভতাই অনাৰ বাটত,
শব্দ বোৰে প্ৰতাৰণা কৰে,
মৌন হৈ ৰয় ।
আতঁৰি যায় কেতিয়াবা আকাশ
        
বিচ্ছিন্ন হয়
হালধীয়া আবেলিৰ ৰং।
নীলা সীমনাত হেৰাই যায়
স্মৃতিৰ স্বৰলিপি।
হৃদয়ৰ নিৰ্জনতাত ঠাই লয়
নিজস্ব অনুভৱ বোৰে ।
মোক মোলৈ উভতাই অনাৰ বাটত
কাতৰ হয় সন্ধিয়া টো,
নিশাবোৰে ঠেঁহ পাতে।
সৌ তেতিয়াই মই আকৌ আহোঁ,
মই মোলৈ।
চাই ৰওঁ আকাশ,
মাটিৰ পৰা আকাশ।

বাট চাই থাকে তাত
আৱৰি থকাৰ সংকল্পই
আকাশে মাটিক। 

 ✍পূৰবী বৰুৱা,চৰাইদেউ 
         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)