নিশাবোৰ যিমানেই গভীৰ হয়
স্মৃতিবোৰে সিমানেই সাৱটে নিৰৱতাক আপোন কৰি,
ফাগুন ফাগুন লগা বতাহজাকে হিয়াখনত
এটোপাল বিষাদৰ ৰং সিঁচি দিয়ে।
তুমিবিহীন দেহাটি ৰক্তহীনতাত ভোগাৰ দৰে
উশাহতো অক্সিজেনৰ অভাৱ,
হিয়াৰ মাজত স্বাক্ষৰ কৰি যোৱা তোমাৰ হাতৰ আখৰবোৰে
প্ৰতিটো মিনিটত আঘাত হানে,
আৰু মই সহি আছোঁ মৌনতাক সাৱটি।
এই সকলোবোৰ বিষাদ বুকুৰ সান্নিধ্যত ৰুই
জীৱন উৎসৰ্গা কৰি দিম তোমাৰ নামত।
✍️ অমৰ নায়ক
ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ