তোলৈ বৰকৈ মনত পৰিছে অ' আজি!
কেতিয়াবা অজান বেদনাই মোক কোঙা কৰি পেলায়।
তই ক'ত হেৰালি?
তই ক'ত আছ?
তই কেনে আছ?
ইত্যাদি.......হাজাৰ হাজাৰ প্ৰশ্ন?
আৰু কি জাননে?
সন্ধিয়াৰ সূৰুযৰ কিৰণত
এতিয়া মই আনন্দ বিচাৰি নাপাওঁ;
পাওঁ মাথো
চকুৰে নিগৰি অহা তপত অশ্রু!!
সকলোবোৰ ঠিকেই থাকিল;
সময়ৰ সোঁত,
সন্ধিয়াৰ সূৰুয,
ৰাতিৰ আকাশৰ জোন,
........সকলোবোৰ
মাথো তই নাই!
তোলৈ বৰকৈ মনত পৰিছে অ' আজি;
তই যে মোক কৈছিলি,
কবিতা লিখিব লাগে
মই লিখিলোঁ;
কিন্তু শব্দবোৰ অৰ্থহীন হৈ পৰিল।
আৰু কি জাননে ?
এহ্ নকওঁ দে, শুনিবলৈ যে তই নায়েই!
তই এতিয়া 'তই' হৈ নাই
তই এক স্মৃতি
মোৰ ডায়েৰীৰ পৃষ্ঠাৰ।
নাজানো বিলুপ্ত পখীটিৰ দৰে
তই ক'ত হেৰাই গ'লি!!
✍ধৃতাশ্রী বৰ্মন
নলবাৰী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ