পাটকাইৰ ইপাৰে মোৰ দেশঃচন্দনা গোস্বামী~গ্ৰন্থ আলোচনা-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
"Literature is where we are go to explore the highest and lowest places in human society and human spirit where we hope to find not absolute truths,but the truth of the tale ,of imagination and of the heart" 
               Reality আৰুFiction‌ দুয়োটা সম্পূৰ্ণ বিপৰীতধৰ্মী শব্দ হ'লেও ইটিয়ে সিটিৰ লগত সংগতি ৰাখি হোৱা সংযোজনৰ ফলস্বৰূপে সৃষ্টি হয় এখন ঐতিহাসিক উপন্যাসৰ।
                  বুৰঞ্জীত ঘটনাপ্ৰভাৱৰ বিৱৰণীত আমি বিচাৰি নাপাওঁ সেইখিনি সময়ৰ মানুহখিনিৰ অন্তৰৰ বেদনা, দুখ, আনন্দ, অনুভূতি, অনুভৱ, উপলব্ধি একোকে। মাথোঁ হৃদয়হীন তথ্যৰ যোগান ধৰে বুৰঞ্জীয়ে। কিন্তু যেতিয়াই হৃদয়সৰ্বস্ব মানুহৰ আত্মাৰ অনুভূতিয়ে চুই যায় বুৰঞ্জীৰ সেই গতানুগতিক তথ্যক ।তেতিয়াই অতীতৰ একো একোটা চৰিত্ৰই ধৰা দিয়েহি আমাৰ দৰেই একো একোজন অনুভূতিসম্পন্ন তেজ মঙহৰ মানুহ হৈ , যাৰ অনুভূতিয়েই হৈ পৰে ঐতিহাসিক সাহিত্য সৃষ্টিৰ আধাৰ।
              ইমানখিনি শুনাৰ পাছত হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে গ্ৰন্থ খন কি? গ্ৰন্থ খন এখন বুৰঞ্জীমূলক গ্ৰন্থ। যিখন গ্ৰন্থ ২০১২চনত সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত চন্দনা গোস্বামীৰ'পাটকাইৰ ইপাৰে মোৰ দেশ'! এইখন গ্ৰন্থ বিস্তৃত অধ্যয়ন আৰু উৰ্বৰ মস্তিষ্কৰ চিন্তাপ্ৰসূত সৃষ্টি।এই উপন্যাসখন অসমৰ সাহিত্য জগতলৈ এক স্মৰণীয় অৱদান ।হেৰাই যোৱা অতীত কাহিনীক অনুধাৱন কৰি অতি সুন্দৰকৈ উপস্থাপন কৰা হৈছে এই উপন্যাসখনত। সমগ্ৰ অসম তথা অসমীয়া জাতিৰ বাবেই এই উপন্যাসখনে কঢ়িয়াইছে অতীতৰ আপুৰুগীয়া বাৰ্তা।
        **এই উপন্যাসখন অধ্যয়ন কৰি মই বহুত উপকৃত হ'লো বুলি স্বীকাৰ কৰিছোঁ। কিয়নো এই উপন্যাসখনৰ জৰিয়তে লাভ কৰিলো অতীতৰ বহু ৰহস্য কথা। উপন্যাসখনৰ প্ৰতিটো পৃষ্ঠা অধ্যয়ন কৰোঁতে যেন মই কল্পনা ৰাজ্যতহে বিলীন হৈ যাওঁ। এনে লাগে যেন মই উপন্যাসখন অধ্যয়ন কৰি থকা নাই। সন্মূখত মই তাৰ প্ৰতিচ্ছবিহে দেখি আছোঁ।
         পূৰ্বৰ কামৰূপ ৰাজ্যৰ অৱদান ঘটিছিল ব্ৰক্ষ্মপুত্ৰ উপত্যকাত ভাগ ভাগ হৈ বহু সৰু বৰ স্বাধীন আৰু পৰাধীন ৰাজ্যই মূৰ দাঙি উঠিছিল। এইখিনি সময়তেই এই উপত্যকাৰ দক্ষিণ-পূবৰে আহোমসকলে আহি ব্ৰক্ষ্মপুত্ৰৰ পাৰত ভৰি দিছিলহি । সেইখিনি সময়তে উপত্যকাটিৰ পশ্চিমৰ বংগদেশত আহি থিতাপি লোৱা তুৰ্কী আফগানী নবাব সেনাপতি সকলে উপযুপৰি আক্ৰমণ চলাইছিল এই উপত্যকাত।এই সন্ধিক্ষণৰ মূহুৰ্তত ৰাজনৈতিক অস্থিৰতা , বিদেশী শত্ৰুৰ আক্ৰমণ , পূৰ্বৰ শাসকৰ উত্থান পতনেৰে ব্যতিব্যস্ত হৈ পৰিছিল এই উপত্যকা। কিন্তু সেই সময়তে আগমন হোৱা আহোমসকলৰ উদ্যোগত অসম তথা অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ আৰম্ভণি হৈ পূৰ্ণতাও পাইছিল এই দুটি শতিকাৰ ভিতৰত।এই তাৎপৰ্যপূৰ্ণ সময়খিনিৰ প্ৰতিচ্ছবিৰেই মূলতঃ ফুটাই তুলিবলৈ চেষ্টা কৰিছে উপন্যাসখনৰ যোগেদি।
          ১৩শতিকাৰ প্ৰাৰম্ভণিতে আহি সোমোৱা আহোমসকলে নিজকে বিলীন কৰিছিল এই উপত্যকাৰ জাতি প্ৰজাতিৰ বুকুত। যি কথা সৰ্বজনবিদিত হৈও যেন কিছু উপেক্ষিত হৈ ৰল সাহিত্যিক মূল্যায়নৰ পৰা আজিকোপতি ।
            সম্পূৰ্ণ বুৰঞ্জীমূলক তথ্যৰ ভিত্তিতেই যোগোৱা হৈছে এই উপন্যাস।
   ***স্তৱক

ইতিহাসে ঢুকি নোপোৱা দিনৰ কোনো এক উজ্জল ৰাতিপুৱা। ৰ'দত জিলিকিছিল এক বিস্তীৰ্ণ উৰ্বৰা সেউজ ভূমি। প্ৰকৃতিৰ সকলো উপাদানৰ মুক্ত দানৰ চানেকি আছিল এই ৰহস্যময়ী , লাস্যময়ী উপত্যকা।চৌদিশৰ পৰা আগুৰিছিল সুউচ্চ পৰ্বত পাহাৰ লানিয়ে সেই সুন্দৰ সমতলক ।এই উপত্যকাৰ হাবি বননিৰ মাজত চালি ধৰিছিল বন ময়ূৰে ,অবাধে বিচৰণ কৰিছিল বনৰীয়া হাতীৰ পালে , বনৰীয়া অলেখ পশু - পক্ষীৰ কলকাকলীয়ে মুখৰ কৰিছিল অৰণ্য , আকাশ লংঘা ওখ ওখ গছ - বিৰিখৰ ডাল পাত ফুলে ফলে হৈছিল সুশোভিত।সেউজী ওখোৰা মোখোৰা হাবি বননিৰে কুলু কুলু সুৰে বৈ গৈছিল তটিনী।।
          সদৌশেষত গ্ৰন্থ খন সকলোৱে অধ্যয়ণ কৰিব বুলি আশা ৰাখিলোঁ।
           
✍🏻দিপশিখা ৰাজকোঁৱৰ
একাদশ শ্ৰেণী।
দুলীয়াজান।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)