সুদূৰ ভৱিষ্যতত আমি দেখিবলৈ কেনে হ’ম বাৰু ?~ফেচবুকৰ পৰা-ৰঞ্জনা দত্ত

©Admin
0
আমি মানৱ জাতিৰ বিৱৰ্তনৰ কথা ভূগোল বুৰঞ্জীত পঢ়িছো । বাহিৰৰ পৰা ধৰিব নোৱাৰিলেও শৰীৰৰ ভিতৰত সংগোপনে বিৱৰ্তন প্ৰক্ৰিয়া চলিয়েই আছে । মানৱ শৰীৰে ১০,০০০ বছৰ আগলৈকে গৰুৰ গাখীৰ সহ্য কৰিব পৰা নাছিল । লাহে লাহে শৰীৰৰ ভিতৰত হোৱা কিছু অনুকূলনৰ ফলত আমি গৰুৰ গাখীৰ খাব পৰা হ’লো । যোৱা ১৫০ বছৰৰ আমাৰ গঢ় উচ্চতা ১০ চে:মি: বাঢ়িল ,যোৱা ৬৫ বছৰত আমাৰ গঢ় আয়ুস ২০ বছৰলৈ বাঢ়িল... এই সকলোবোৰ মানৱ শৰীৰত হোৱা বিৱৰ্তনৰ ফল ।
 
 ইমান কম সময়ৰ ভিতৰতে ইমান বোৰ লক্ষণীয় পৰিৱৰ্তন যদি হ’ব পাৰে অহা ১০০০ বছৰ পিছত আমাৰ শৰীৰত আৰু কেনেকুৱা পৰিৱৰ্তন হ’ব পাৰে বাৰু ? বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত পৃথিৱীৰ বিভিন্ন দেশত ইয়াৰ ওপৰত চিন্তা চৰ্চা , আলোচনা আৰু পৰীক্ষা নিৰীক্ষা চলি আছে ।
 
নেচনেল জিঅ’গ্ৰাফিক চেনেলত ২০১৭ চনত দেখুওৱা “ ইয়েৰ মিলিয়ন” নামৰ ৬ টা খণ্ডৰ ধাৰাবাহিক খনত সুদূৰ ভৱিষ্যতে মানব শৰীৰৰ সতে প্ৰযুক্তিৰ সংমিশ্ৰণ হৈ আমাৰ ভৱিষ্যত প্ৰজন্ম বোৰ চাইবৰ্গ ( cyborg) হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল । ইয়াৰ উপৰি অতিমাত্ৰা দৈৰ্ঘ্যৰ জীৱন কাল , মগজুৰ ঠায়ে ঠায়ে অতি ক্ষুদ্ৰ নেনো কম্পিউটাৰ চিপৰ প্ৰত্যাৰোপণ আৰু অন্য গ্ৰহত মানৱ সভ্যতাৰ বিকাশ আদিৰ সম্ভাৱনাৰ কথাও ধাৰাবাহিক খনৰ বিভিন্ন খণ্ডত দেখুওৱা হৈছিল ।
 
 তাত্বিক পদাৰ্থ বিজ্ঞানী প্ৰফেচাৰ ব্ৰীয়ান গ্ৰীণৰ মতে এতিয়াৰ পৰা এক লাখ বছৰৰ পাছত মানুহ বোৰ দেখিবলৈ একেবাৰে বেলেগ হ’ব । তেওঁলোকৰ জীৱন যাপন প্ৰণালী কোনো কাল্পনিক কাহিনীৰ দৰে ইমানেই বেলেগ হৈ পৰিব যে আজিৰ মানুহে তেওঁলোকক অন্য গ্ৰহৰ পৰা অহা এলিয়েন বুলিহে ভাবিব।

আজিৰ পৰা এক লক্ষ বছৰৰ আগৰ মানুহৰ জীৱন শৈলী একেবাৰে বেলেগ আছিল । তেওঁলোকৰ নতুন আৱিষ্কাৰৰ ভিতৰত আছিল কেৱল জুই আৰু পাথৰৰ কিছু সঁজুলি । সেই সময়ৰ মানুহে আধুনিক মানৱ জাতিৰ কল্পনা কৰিব পৰা নাছিল যিদৰে আমিও নোৱাৰো এক লাখ বছৰৰ পিছত হ’ব পৰা বিবৰ্তনৰ কথা । ভৱিষ্যতৰ মানৱ শৰীৰ সৰু সৰু কম্পিউটাৰ আৰু মেচিনৰ সতে মিলি পৰাৰ সম্ভাৱনা অনেক বেছি ।
 
আমাৰ ভৱিষ্যত বংশধৰ সকল শৰীৰত উচ্চ মানবিশিষ্ট বৈজ্ঞানিক যন্ত্ৰ পাতি লগোৱা, চকুত উচ্চ ক্ষমতা সম্পন্ন কম্পিউটাৰ যুক্ত কেমেৰা লেন্স লগোৱা , তেজত ৰোগ প্ৰতিষেধক ইলেকট্ৰনিক নেন’ কেপছুল সংৰোপিত কৰা বা মূৰত এন্টিনা লগোৱা কোনো কল্প বিজ্ঞানৰ চৰিত্ৰৰ দৰে হ”ব পাৰে নেকি ? মানৱ শৰীৰৰ সতে অন্য জীৱৰ অপ্ৰাকৃতিক সংযোজন ঘটাই সৃষ্টি কৰা কোনো জীৱ হ’ব পাৰে নেকি? আমি ওখ বা শকত হৈ গৈ থাকিম নেকি ? আমাৰ চকু, নাক, মুখ বা শৰীৰৰ ৰং কিবা সলনি হ’ব পাৰে নেকি ?

ইয়াৰ কোনো সঠিক উত্তৰ নাই যদিও বিজ্ঞানী সকলে কেইবালাখ বছৰৰ আগৰ পৰা মানুহৰ ক্ৰমবিকাশৰ অধ্যয়ন চলাই বহুতো ভাবিব নোৱাৰা ধৰণৰ সিদ্ধান্তত উপনীত হৈছে ।

বিগত ১০, ০০০ বছৰৰ মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ ওপৰত চকু ফুৰালে আমি দেখিবলৈ পাওঁ যে সলনি হৈ অহা প্ৰতিকুল পৰিবেশৰ সতে খাপ খুৱাই ল’বৰ বাবে মানুহৰ শাৰিৰীক গঠন আদিৰ ক্ৰমান্বয়ে সলনি হৈ আহি আছে । জনসংখ্যা বঢ়াৰ লগে লগে নতুন নতুন ৰোগ আৰম্ভ হৈছে সেইবোৰ প্ৰতিৰোধৰ বাবে শৰীৰৰ বাহিৰ আৰু ভিতৰত যথেষ্ট পৰিৱৰ্তন হৈছে । কোনো ঠাইত মানুহ বোৰ ওখ হৈ গৈছে বা কৰবাত শকত হৈ গৈছে ।

উচ্চতা :
অতি পুৰণি কালত মানুহ কম আছিল। মানুহবোৰ অল্পাহাৰী আছিল । হাবিয়ে বননিয়ে ঘূৰি চিকাৰৰ পৰা সংগ্ৰহ কৰা মাংসজাত সামগ্ৰী আৰু ফলমূল খোৱা মানুহবোৰ চুটি চাপৰ আছিল । নানা ধৰণৰ কৃত্ৰিম ভাৱে প্ৰস্তুত কৰা প্ৰোটিন আদি খোৱা আৰু অন্যান্য দৈনন্দিন কাৰ্য্যৰ ফলত মানুহৰ উচ্চতা কমকৈ হ’লেও বৃদ্ধি হৈ আছে ।

নেডাৰলেণ্ডৰ আৱাসী ডাট্ছ সকল পৃথিৱীৰ ভিতৰত সকলোতকৈ ওখ জাতি । তেওঁলোকৰ গড় উচ্চতা প্ৰায় ৬ ফুট । কিন্তু ১৫০ বছৰৰ আগেয়ে তেওঁলোকৰ গড় উচ্চতা আছিল কেৱল ৫ ফুট ৪ ইঞ্চি । যোৱা ১৫০ বছৰত তেওঁলোকৰ গড় উচ্চতা ৭.৮৭ ইঞ্চি বাঢ়িছে । কিন্তু মানুহৰ উচ্চতা এইদৰে অনিৰ্দিষ্ট কাললৈ বাঢ়ি গৈ থাকিব নোৱাৰে ।

 বিজ্ঞানী সকলৰ মতে বাঢ়ি অহা জনসংখ্যা আৰু খাদ্যৰ নাটনিৰ বাবে শৰীৰত পৰিবৰ্তন হ’ব আৰু ১০,০০০ বছৰৰ পিছৰ মানুহ বোৰ কম শক্তিৰ প্ৰয়োজন হোৱাকৈ এতিয়াতকৈ যথেষ্ট চুটি চাপৰ হ’ব ।
 
মগজু :
মানুহৰ মগজুৰ ব্যৱহাৰ আগতকৈ বহু বেছি হৈ পৰিছে । মগজুৰ আয়তন সাত লাখ বছৰত তিনিগুণ বৃদ্ধি পাইছে । ইয়াৰ সকলোতকৈ বেছি বৃদ্ধি হোৱা সময় যোৱা দুই লাখ বছৰৰ ভিতৰত । এইদৰে মগজুৰ আয়তনৰ বৃদ্ধি হৈয়ে থাকিব আৰু আমাৰ মূৰৰ খোলাৰ আয়তন এতিয়াতকৈ যথেষ্ট বৃদ্ধি পাব । হয়তো মগজুৰ বিভিন্ন অংশত কম্পিউটাৰ চিপ বহুৱাই মানুহৰ মগজুৰ ক্ষমতা কৃত্ৰিম ভাবে বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হ’ব বা পৰীক্ষাগাৰত উন্নত মানৰ জিন তৈয়াৰ কৰি সেইবোৰ মগজুৰ কোষত সংৰোপিত কৰা হ’ব ।

চকু, কান ,নাক, মুখগহ্বৰ আদি :
ওৱাছিংটন ইউনিভাৰচিটিৰ এনথ্ৰোপলজিৰ প্ৰফেছৰ এৰিক ট্ৰিনকাছৰ মতে মানৱ প্ৰজাতিৰ মুখৰ আকৃতি তৈয়াৰ হৈছিল প্ৰায় ২০ লাখ বছৰৰ আগতে । সেই আকৃতিৰ সময়ৰ লগে লগে পৰিবৰ্তন হৈ আহিয়েই আছে । আদিম মানৱৰ মুখাবয়বৰ ঢাপে ঢাপে হোৱা পৰিৱৰ্তন বোৰ আমি কিতাপৰ ছবিত দেখিছোঁ । বৈজ্ঞানিক সকলৰ মতে যদি এনেকুৱা ধৰণৰেই পৰিৱৰ্তন হৈ থাকে তেন্তে মানুহৰ মাজত 'neotemy ‘ দেখিবলৈ পোৱা যাব যাৰ ফলত মানুহবোৰ বয়সতকৈ বহুত সৰু যেন ভাব হ’ব । ডঃ ট্ৰিনকাছৰ মতে ডাঙৰ লাওখোলা, সৰু মুখ ,সৰু থুতৰি আৰু ডাঙৰ ডাঙৰ চকুৰ সতে জন্ম লাভ কৰিব ভবিষ্যতৰ মানুহবোৰ ।
 ভৱিষ্যতক চাবলৈ হ’লে আমি সম্পূৰ্ণ ভাবে বিজ্ঞানৰ ওপৰতে ভৰষা কৰিব লাগিব । জিনতত্ব, বিবৰ্তনমূলক জীৱবিজ্ঞান আৰু আধুনিক প্ৰযুক্তিৰ সহায়ত বিজ্ঞানী সকলে ভৱিষ্যত মানবৰ মুখাবয়বৰ ছবি আঁকিবলৈও সক্ষম হৈছে।

মুখাবয়বৰ পৰিৱৰ্তনৰ কাৰণ আমাৰ খাদ্যাভ্যাস আৰু বিভিন্ন মুখভঙ্গী :

অতীজৰ পৰা আজিৰ আধুনিক যুগলৈকে মানুহৰ খাদ্যাভ্যাস পৰিৱৰ্তন হৈয়ে আছে । চেন্ট এন্ড্ৰুজ বিশ্ববিদ্যালয়ৰ গবেষক অধ্যাপক ডেভিড পেৰেটৰ মতে আমাৰ পূৰ্বজ সকলৰ লগত আমাৰ মুখাবয়বৰ পৰিৱৰ্তনৰ মুখ্য কাৰণ হৈছে আমাৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তন ।
পৰিৱৰ্তিত পৃথিৱীত মানুহে সহজে খাব পৰা খাদ্যৰ ওপৰত ভৰষা কৰিব লগা হৈছে, মানুহৰ খোৱাৰ ধৰণ সলনি হৈছে । আগতে চিকাৰ কৰি মাংস খোৱা আদি মানবৰ হিচাবত আজিকালি ফাষ্টফুড বা অন্যান্য প্ৰক্ৰিয়া জাত খাদ্য বোৰ খোৱাৰ ফলত মানুহৰ মুখগহ্বৰ আয়তনত বহুত সৰু হৈ গৈছে । বিজ্ঞানী সকলৰ মতে নাকটো সৰু হৈ গ’লেও নাকৰ ছিদ্ৰ দুটা এতিয়াতকৈ হয়তো কিছু ডাঙৰ হ’ব । পৃথিৱীত কমি অহা অক্সিজেন বেছি জোৰে টানিবলৈ ইয়াৰ প্ৰয়োজন হ’ব ।

অতীজৰ পৃথিৱীত মানুহৰ জনসংখ্যা নগন্য আছিল । বৰ্দ্ধিত জনসংখ্যাৰ লগে লগে মানুহৰ পৰস্পৰৰ লগত ভাৱ বিনিময়ৰ মাত্ৰা বাঢ়িবলৈ ল’লে । খং, ৰাগ ,দুখ ,আনন্দ, ভয় শংকা আদি বিভিন্ন অনুভূতিৰ প্ৰকাশৰ লগে লগে মুখৰ মাংসপেশী বোৰৰ কিছু সলনি হ’বলৈ আৰম্ভ কৰে । এই অভিব্যক্তি সমূহৰ ফলত হোৱা মুখৰ মাংশপেশী বোৰৰ সঘন সংকোচনৰ বাবে অদূৰ ভৱিষ্যতে মুখাবয়বৰ আকাৰ আৰু আকৃতিৰ লক্ষণীয় পৰিবৰ্তন হ’ব । বাঢ়ি অহা অতি বেঙুনী ৰশ্মিৰ প্ৰভাৱত গাৰ ছালৰ ৰঙ এতিয়াতকৈ কিছু গাঢ় হ'ব বুলি বিজ্ঞানী সকলে মত পোষণ কৰিছে।

পৃথিৱীৰ কিছুমান জাতিৰ মাজত জনসংখ্যা দ্ৰুত ভাৱে বৃদ্ধি পায় । সমীক্ষা অনুযায়ী আফ্ৰিকাৰ দেশ সমূহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অন্য ইউৰোপীয় দেশবোৰৰ তুলনাত অনেক গুণ বেছি । সেইবাবে ক’লা ছালৰ মানুহৰ সংখ্যা বগা ছালতকৈ বহুগুণে বৃদ্ধি পাই আছে আৰু কেইবাহাজাৰ বছৰৰ পিছত পৃথিৱী ক’লা ছালৰ মানুহেৰে ভৰি পৰিব। 

ভৱিষ্যতৰ মুখ :

ভবিষ্যত সদায় অজানা বিশেষকৈ সুদূৰ ভৱিষ্যত । কিন্তু শিক্ষা জ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত মানুহে বহুতো কথা প্ৰায় শুদ্ধকৈ কব পৰা হৈছেগৈ। ভৱিষ্যতৰ মানুহৰ মুখ কেনেকুৱা হ’ব জানিবলৈ বিশ্ববাসী অধীৰ আছিল । ৱাশ্বিংটন ইউনিভাৰচিটিৰ গৱেষক শিল্পী নিকোলে লাম এদল জিনতত্ববিদৰ সতে জড়িত হৈ ভবিষ্যত মানৱৰ শৈল্পিক ৰূপ দিয়াৰ চেষ্টা চলাই গৈছিল । জিনতত্ববিদ ডঃ আলান কোৱানৰ গৱেষণা আৰু সুন্দৰ বাখ্যাৰে তেওঁ অণুপ্ৰাণিত হৈ পৰিছিল আৰু অত্যাধুনিক বৈজ্ঞানিক প্ৰযুক্তিৰ সহায়ত আঁকি পেলাইছিল আজিৰ পৰা ২০,০০০, ৬০,০০০ আৰু ১০০,০০০ বছৰৰ পিছৰ মানুহৰ মুখাবয়বৰ কিছুমান ফটো । এই ফটোসমূহে বিশ্বৰ বিজ্ঞানী সকলৰ মাজত যথেষ্ট আলোচনাৰ সৃষ্টি কৰিছিল । লামে প্ৰত্যেকখন ফটোৰ লগত সুন্দৰ বৈজ্ঞানিক বাখ্যা ডাঙি ধৰিছিল । নিকোলাই লামে অঁকা ফটোবোৰত দেখা মানুহৰ মুখবোৰেই যে ভৱিষ্যত প্ৰজন্মৰ মানুহৰ মুখ তাক বহুতে বিশ্বাস কৰিলেও আন বহুতে বিশ্বাস কৰা নাছিল । 

অনাগত দিনত জলবায়ু পৰিবৰ্তন, মানুহ বাচি থকাৰ পৰিৱেশৰ অৱনতি , প্ৰযুক্তিৰ অগ্ৰগতি আদি সকলো দিশ সামৰি লৈ তেওঁ আগবঢ়োৱা মতবাদ অনুসৰি একলাখ বছৰ পিছৰ মানুহৰ কপাল আৰু মূৰ বহুত ডাঙৰ হ’ব আৰু চকুদুটা এতিয়াৰ তুলনান যথেষ্ট ডাঙৰ হ’ব । তেওঁৰ মতে ১৪ৰ পৰা ১৬ শতিকাৰ পৰাই মানুহৰ কপাল আৰু মূৰৰ খোলা ডাঙৰ হোৱা আৰম্ভ হৈছে। আদিম মানৱৰ অৱশিষ্ট সমূহৰ বৈজ্ঞানিক পৰীক্ষাৰ পিছত কেতিয়াও নেদেখা আদিম মানুহৰ ছবিবোৰ যেতিয়া আমি মনেৰে গ্ৰহণ কৰিছো নানা পৰীক্ষা নিৰীক্ষা কৰি বৈজ্ঞানিক যুক্তিৰে অঁকা ভৱিষ্যত মানবৰ এই ছবিবোৰ মানি নোলোৱাৰ যুক্তি ক’ত?

কল্প বিজ্ঞান, চাইবৰ্গ, আৰু ভবিষ্যতৰ মানুহ ::::

কল্প বিজ্ঞান ভিত্তিক বিভিন্ন কাহিনীত বা চিনেমাত বিভিন্ন ৰূপত মানুহক আমি প্ৰত্যক্ষ কৰিছো । মূৰত এন্টিনা লগোৱা বা মগজুৰ এফালে ক্ষুদ্ৰ কম্পিউটাৰ যুক্ত মানুহৰ গল্প পঢ়িছো আৰু বিভিন্ন ধৰণৰ চাইবৰ্গ বোৰৰ কথাৰে নিৰ্মাণ কৰা চিনেমা চাইছো । দেহৰ যিকোনো কোনো অংশত অত্যাধুনিক ইলেট্ৰনিক চিপ বা অন্য উপকৰণ লগোৱা চাইবৰ্গ বৰ্তমান পৃথিৱীত কেইবাজনো আছে । এইক্ষেত্ৰত বৃটিছ শিল্পী পৃথিবীৰ প্ৰথম চাইবৰ্গ মানৱ নীল হাৰ্বিছনৰ নাম উল্লেখ কৰিব লাগিব । বৰ্ণান্ধ শিল্পী হাৰ্বিছনৰ মূৰত লগোৱা এন্টিনা ডাল মগজুৰ সতে সংযোজিত কৰা আছে আৰু ইয়াৰ সহায়ত তেওঁ দৃশ্যমান আৰু অদৃশ্য ৰশ্মি সমূহ শব্দ তৰংগৰ সহায়ত দেখিবলৈ সক্ষম হৈছে । বৃটিছ চৰকাৰে ২০০৪ চনত তেওঁক প্ৰথম মানৱ চাইবৰ্গ হিচাপে স্বীকৃতি দিয়ে । বৰ্তমান পৃথিৱীত থকা আন কেইজনমান চাইবৰ্গে তেওঁলোকে চকু ,হাত আৰু আঙুলি আদিত নিজৰ প্ৰয়োজন অনুসাৰে কম্পিউটাৰ যুক্ত উপকৰণ লগাই লৈছে । এই যন্ত্ৰ বা চিপবোৰ মস্তিষ্কৰ সতে সংলগ্ন থাকে আৰু মগজুৰ ক্ষমতা বঢ়াই তোলাত সহায় কৰে । 

এয়া আজিৰ কথা । এক লাখ বছৰৰ পিছত কি হ’ব পাৰে বাৰু ? এনেকুৱাও হ’ব পাৰে নেকি যে সকলো মানুহেই চাইবৰ্গ হৈ পৰিব ! ফলত প্ৰতিজন লোকৰে মগজুৰ ক্ষমতা অসাধাৰণ ভাবে বৃদ্ধি পাব । লেবৰেটৰীত ডিজাইনাৰ বেবী বনোৱা প্ৰক্ৰিয়াটো একেবাৰে সাধাৰণ হৈ পৰিব ! বিভিন্ন প্ৰয়োগশালাত জিনৰ উন্নীতকৰণ প্ৰক্ৰিয়া চলিআছে । কৃত্ৰিম ভাবে মানব জিন তৈয়াৰ কৰাত ব্যস্ত বিজ্ঞানী সকল । জন্মৰ সময়তে মাক বাপেকৰ ইচ্ছানুসৰি শিশুটোৰ মস্তিষ্ক, চকু, হাত ভৰি আদিত কম্পিউটাৰ চিপ লগাই নিজৰ সন্তানক গঢ়ি তুলিব অসাধাৰণ ভাৱে । কোনে জানে বিজ্ঞানে কোন দিশে গতি কৰে !

যদি আমি মঙ্গল বা অন্য কোনো গ্ৰহত থাকিবলৈ লওঁ কেনে হ’ব আমাৰ শৰীৰৰ গঠন?

অতি কম মাধ্যাকৰ্ষণ শক্তিৰ মঙ্গল গ্ৰহত যদি বসবাস কৰিবলৈ লওঁ আমাৰ শৰীৰৰ মাংসপেশী বোৰৰ ওপৰত পৰা নিম্নগামী চাপ একেবাৰে কমি যাব । ফলত আমাৰ হাতভৰি বোৰ দীঘল হৈ পৰিব । হয়তো আমি বহুত ওখ হৈ পৰিম। আমাৰ মূৰটো দিঘলীয়া হৈ পৰিব । যদি তাত আমি বৰফ ঠান্ডা বতৰত থাকিব লগীয়া হয় আমাৰ শৰীৰ হয়তো বেছি চৰ্বিযুক্ত হৈ পৰিব ! হয়তো গোটেই গা নোমেৰে ঢাক খাই পৰিব ! এইবোৰ কেবল বৈজ্ঞানিক ভিত্তিত অনুমান কৰি লোৱা কথাহে । এক লাখ বছৰৰ পিছৰ কথা আমি কেৱল ভাবিবহে পাৰো ।


✍ ৰঞ্জনা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)