মুক্ত বিহংগিনী-হুমায়ুন কবীৰ

©Admin
0
যোৱাগৈ......
মুক্ত বিহংগিনী হৈ উৰি ফুৰা,

এৰি দিছো তোমাক
প্ৰতিবন্ধকতা নাই মোৰ পৰা...

জানো তোমাৰ বুকুৰ সাচতীয়া সকলো মৰমৰ স্থান যে এতিয়া আনৰ নামত...।।

ক্ষোভ দুখ একো নাই
ত্যাগ কৰিব শিকিছো।।

স্বাৰ্থপৰ নহয়তো মই....
তুমি আতৰি যোৱাৰ বাবে
বেইমানীৰ আখ্যা দিম,,
গোপনৰ পৰা গোপনীয়তাৰ ব্যাখ্যা দিম।।

মৰম বিচাৰিছিলো বিনিময়ত
আজীৱন খোজ মিলোৱাৰ
দুভৰি থমকি নোৰোৱাকৈ
উশাহ স্তব্ধ নোহোৱালৈ
দিগন্তলৈ আগবঢ়াৰ....

যোৱাগৈ......
মুক্ত বিহংগিনী হৈ উৰি ফুৰা...
এৰি দিছোঁ তোমাক।।
 
✍️হুমায়ুন কবীৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)