আৰ্তনাদ-পৰাগ জ্যোতি ভট্টাচাৰ্য্য

Rinku Rajowar
0
মুকলি আকাশৰ উকা বুকুত শুকুলা মেঘবোৰে আৱৰি ধৰিছে 
উৰুঙা হিয়াই চিৎকাৰ কৰি উঠিছে
একুৰা ক্ষোভৰ জুই দাওঁ‌ দাওঁ‌কৈ জ্বলিছে
জুইৰ ধোৱাৰ গৰ্ভত প্ৰেমিক চৰাইহালে আৰ্তনাদ কৰি ফুৰিছে
প্ৰেমিক চৰাইহালৰ আৰ্তনাদ শুনিবলৈ আজি কোনো নাই!!!

চাৰিওঁ‌ফালে অন্ধকাৰে চানি ধৰিছিল
সেউজীয়াবোৰ নোহোৱা হ'বলৈ ধৰিছিল
উগ্ৰ ৰঙা বেলিটিয়ো যেন অন্ধকাৰৰ মেৰপাকত সোমাই পৰিছিল
হাতত একুৰা জুই জ্বলাই ক'লা বাস্তৱৰ মাজত সোমাই গ'লো!!!


অৱশেষত যুজি যুজি এটা হেঙুলীয়া পথৰ সন্ধান পালো
য'ত সেউজীয়াবোৰ লাহে লাহে সেউজীয়া হ'বলৈ আৰম্ভ কৰিছিল,ৰঙা বেলিটোৱে চাৰিওদিশ ৰাঙলী কৰি তুলিছিল আৰু মোৰ সংগী আছিল সেই প্ৰেমিক চাৰাইহাল!!!
      এতিয়া অন্ধকাৰৰ আৰ্তনাদ শুনিম...........।

🖋️পৰাগ জ্যোতি ভট্টাচাৰ্য্য
  বামুণ আংৰাদী (নলবাৰী)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)