দেশৰ "প্ৰিয়তম"।
যাৰ নাম, ঠিকনা মোৰ বাবে আছিল অজ্ঞাত;
নাজানো এই সম্বন্ধৰ নাম কি??
তথাপিও জানা কল্পনাৰ "প্ৰিয়তম" ক সজাব মন যায়
ঊষাৰ সপোনৰ অনিৰুদ্ধৰ দৰে।
বৰ্ণনা কৰিব মন যায় "প্ৰিয়তম"ক কবিতাৰ চন্দে চন্দে।
অচিনাকি হৈও চিনাকি কৰিব মন যায় তেওঁক জোনাকীৰ পোহৰত,
সাঁজিবলৈ মন যায় "প্ৰিয়তম"ৰ সৈতে প্ৰেমৰ ৰামধেনু।
ভয় হয়!!
শীতৰ সেমেকা ৰাতি,নিৰ্জনতাত জীর্ণ হৃদয়ৰ ভাঁজে ভাঁজে নামি আহে
অস্থিৰতাৰ দাৱানল;
"প্ৰিয়তম"ক হেৰুৱাৰ ভয়ত
গলি গলি ছাঁই হয়
হৃদয় লুণ্ঠনৰ প্ৰৱণতা
।।।।
🖋️ কংকনা ডেকা
কামৰূপ মহাবিদ্যালয়, চামতা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ