ফাগুন~কবিতা~কেশৱ চাউ

(জয়াৰ হাতত)

সূদুৰত তোমাৰ
হাঁহিফুলীয়া মুখ
আৰু প্ৰিয় ফাগুনৰ 
উষ্ম উশাহ।

তুমি মাটিৰ মালিতাত 
ছন্দ লিখিব ধৰা এক আদিম সত‍্য
কপালৰ ঘামেৰে ডিঙি তিয়াই
ৰচিব ধৰা এক চিনাকি মাত।

সুৰসংগমৰ ৰাগিনীত
তাল ধৰা এক বতাহৰ গোন্ধ
আৰু নৈপৰীয়া জীৱনৰ 
সুঘ্ৰাণ গান।

✍কেশৱ চাউ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send