ফাগুনী বতাহ -ৰঞ্জু গায়ন (বৰুৱা)

©Admin
0
আবেলি বতাহ জাকে কিয়বা  দি গ'ল ফাগুন অহাৰ বতৰা
মোৰ কলিজাৰ স্পন্দনত সাঁতুৰি-নাদুৰি এজাক জোনাক নামিল ।
মই জানো এইয়া
তুমি অহাৰ বতৰা
ধূলিকণাময়   উদাসীনতাৰো এতিয়া অন্ত পৰিল, আৰু আৰাম্ভ হ'ল নতুনত্বৰ সন্ধান,
পুৰণি দুখবোৰ সৰা পাতৰ দৰে সৰি পৰিল ৷
মনৰ অৰণ্য এতিয়া কেৱল
পলাশ, মদাৰ , ফুলৰ লয়লাস,
ফাগুনী  বতাহে আনিছে
জীৱনৰ আশাবোৰ ঘূৰাই
ক্ৰমাগত হৈছে এক 
নতুন  হাবিয়াস ৷
মই জানো এইয়াতো তুমি অহাৰ বতৰা,
কোৱাচোন তুমি ক'ত থওঁ
এই খবৰ মোৰ প্ৰেম মোৰ কবিতাত ৷

✍️ৰঞ্জু গায়ন (বৰুৱা) নামৰূপ
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)