বন্দিনী-ৰুক্মা চৌধুৰী

Rinku Rajowar
0

    নাৰী তুমি বন্দিনী
    যুগে যুগে তুমি বন্দী
কি শৈশৱ, কি যৌৱন,কি বৃদ্ধা
       সৃষ্টিৰ পৰাই বন্দিনী
বন্দীত্ব শৈশৱ পিতৃ-মাতৃৰ চেনেহতে
বন্দীত্ব তোমাৰ যৌৱন স্বামীৰ প্ৰেমতে
গাৰ্হস্থ্য জীৱন হৈ পৰে বন্দীত্বৰ শিকলি
ভগ্নী,ভাৰ্যা আৰু মাতৃৰ কৰ্তব্যত কেতিয়া হ'বা মুকলি
    বৃদ্ধাতে হ'লা তুমি মূল খুটি
ল'ৰা-বোৱাৰী,জীয়ৰী আৰু নাতি-নাতিনী
 অপত্য স্নেহত ডুব যোৱা জননী
চেনেহ বান্ধোনত বোৱাই দিয়া অমৃত সুধাৰ বন্যা 
কোনেও যে নুবুজে তুমি কি বিচৰা.....
.তোমাৰতো মন যায় চাগে স্বাধীন চেতিয়াকৈ ফুৰিবলৈ
মাথোঁ প্ৰতিশ্ৰুতি ওৰেটো জীৱন মোহ-মায়াৰ সংসাৰত বন্দী হৈ
এক অনিশ্চয়তাৰ গোপন আশংকা এই বিয়লি বেলা
নহয় যেন বৃদ্ধাশ্ৰমত অন্তিম ঠিকনা
সেয়েহে নাৰী তুমি যুগে যুগে বন্দিনী 
 

         🖋️ ৰুক্মা চৌধুৰী
             নিউ গুৱাহাটী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)